ডিজিটেল ডেস্কঃ হোটেলত পাৰ্টীৰ পিছত ধৰ্ষিতা হৈছিল যুৱতীগৰাকী। কিন্তু ধৰ্ষণৰ পিছতে উপস্থিত বুদ্ধিৰ সহায়ত অভিযুক্তক বিচাৰি উলিয়াবলৈ সক্ষম হয় তেওঁ। যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধৰ্ষক যুৱকজনক।
গৱেষণা সম্পৰ্কীয় কোনো কামত আমেৰিকাৰ পৰা ১৪ মে’ত ভাৰতলৈ আহিছিল যুৱতীগৰাকী। মাৰ্কিন বাসিন্দা হ’লেও ভাৰতীয় মূলৰ হোৱা বাবে এই দেশৰ প্ৰতি এক বিশেষ টান আছিল যুৱতীগৰাকীৰ। এই অনুযায়ী ভাৰতত থকা কেবাগৰাকী আত্মীয়ৰ ঘৰলৈকো গৈছিল তেওঁ। কিছুদিন পূৰ্বে পঞ্জাৱৰ এজন আত্মীয়ৰ বিয়াৰ পৰা দিল্লীলৈ আহে ২২ বৰ্ষীয় যুৱতীগৰাকী। দিল্লীৰ পাহাৰগঞ্জ অঞ্চলত এখন হোটেলত ৰুম ভাৰালৈ লয় তেওঁ। তেওঁৰ দুই বন্ধু অমনপাল আৰু ৰবীন্দৰ সিঙৰ জৰিয়তে চিনাকি হয় যশৱন্ত সিঙৰ সৈতে।