newsnextone.com | লিডুঃ ফেচবুক এতিয়া কেৱল ছ’চিয়েল মিডিয়া হৈ থকা নাই। ফেচবুক এতিয়া প্ৰেম-বিয়াৰো মাধ্যম। ফেচবুকৰ জৰিয়তে চিনাকি হৈ প্ৰথমে প্ৰেমৰ সম্পৰ্ক, তাৰ পিছত বিয়াৰ প্ৰস্তাৱ বৰ্তমান সময়ত তেনেই সাধাৰণ কথা হৈ পৰিছে ৷ ফেচবুক যোগে চিনাকি হৈ বিদেশৰ যুৱতী অসমৰ যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ ঘটনা সকলোৱে জানে। পিছে এইমাৰ ফেচবুকে সংঘটিত কৰিলে আন এক কৰুণ ঘটনা ৷

এই ঘটনা সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত কথাপাটা নামৰ এখন ভিতৰুৱা গাঁৱত ৷ গাঁৱৰ অংকৃত ছেত্ৰী নামৰ এজন যুৱকৰ সৈতে মাৰ্ঘেৰিটা পাৱৈৰ বনগাঁৱৰ লক্ষ্মী ছেত্ৰী নামৰ এগৰাকী ২০ বছৰীয়া যুৱতীৰ প্ৰথমে ফেচবুকত চিনাকী হৈ আৰম্ভ হয় প্ৰেম, আৰু তাৰ পাছত দুমাহ পূৰ্বে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে শিৰত সেন্দুৰ লৈ যুৱতি গৰাকীয়ে ন-কইনা ৰুপে প্ৰৱেশ কৰে লেখাপানীৰ অংকৃত ছেত্ৰীৰ ঘৰত৷ 

বিয়াৰ পাছত প্ৰথম কেইদিনমান দুয়োৰে মাজত যথেষ্ট প্ৰেম আন্তৰিকতা দেখা গৈছিল যদিওঁ পৰৱৰ্তী সময়ত দিন বাগৰাৰ লগে লগে দুয়োৰে মাজত সৃষ্টি হবলৈ লৈছিল বিভিন্ন পাৰিবাৰিক কন্দলৰ ৷ যুগ্ম জীৱনৰ পাতনি মেলি দুচকুত সপোন লৈ বিয়া হৈ অহা লক্ষ্মী ছেত্ৰীৰ ওপৰত স্বামী অংকৃতে বিভিন্ন কাৰণত শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ 

যাৰ পৰিনতিত যোৱা ১০ আগষ্ট তাৰিখে দিনৰ প্ৰায় ১২·৩০ বজাত উপায়ন্তৰ হৈ লক্ষ্মী ছেত্ৰীয়ে ঘৰত কোনো মানুহ নথকাৰ সুযোগ গ্ৰহণ কৰি কিটনাষক ঔষধ পান কৰি আত্মহত্যাৰ চেষ্টা চলায়৷ পৰৱৰ্তী সময়ত শহুৰেকৰ প্ৰচেষ্টাত যুৱতী গৰাকীক সংকটজনক অৱস্থাত টিৰাপ গেট ৰাজ্যিক চিকিৎসালয়লৈ নিয়া হয় যদিওঁ চিকিৎসকে জাগুন অ-সামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ 

জাগুন অ-সামৰিক চিকিৎসালয়ত যুৱতী গৰাকীৰ অৱস্থা অধিক সংকটজনক হৈ পৰাত চিকিৎসকে পুনৰ মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু পৰৱৰ্তী সময়ত যুৱতী গৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। অৱশেষত ডিব্ৰুগড়তে ১৬ আগষ্টত যুৱতী গৰাকীয়ে শেষ নিস্বাস ত্যাগ কৰে ৷ 

যুৱতী গৰাকীৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলটোত এতিয়া চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, সমগ্ৰ ঘটনাৰ ৩ দিন উকলি যোৱাৰ পিছতহে যুৱতী গৰাকীৰ পৰিয়ালক এই বিষয়ে অৱগত কৰাক লৈ যুৱতী গৰাকীৰ পৰিয়ালৰ মাজত গভীৰ ৰহস্যৰ সুত্ৰপাত ঘটিছে ৷ যুৱতি গৰাকীৰ পৰিয়ালৰ অভিযোগ এইয়া এক গভীৰ ষড়যন্ত্ৰ৷ 

ইফালে শুকুৰবাৰে লেখাপানী আৰক্ষী  থানাত যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে স্বামী অংকৃত ছেত্ৰীৰ নামত এটা গোচৰ ৰুজু কৰাৰ পাছত আৰক্ষীয়ে অংকৃত ছেত্ৰী আৰু তেওৰ মাতৃক কৰায়ত্ত কৰি ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ধাৰৰ বাবে সোধ-পোছ অব্যাহত ৰাখিছে ৷