27
Feb
2017
চণ্ডীগড়ঃ ভাৰত-পাক সীমান্তৰ ফিৰোজপুৰত সীমা সুৰক্ষা বলে আটক কৰিছে এজন ৩০ বৰ্ষীয় যুৱকক। চণ্ডীগড়ৰ ৪৯ নং ছেক্টৰৰ ছিকাণ্ডাৰ খান নামৰ যুৱকজনে লাহোৰত থকা ফেচবুক প্ৰেয়সীক লগ ধৰিবৰ বাবে সীমান্ত পাৰ হোৱাৰ চেষ্টা চলাইছিল।
বিএছএফৰ এটা টহলদাৰী দলে ছিকাণ্ডাৰক লাখো কে বেহৰাম সীমান্তত সন্দেহজনক অৱস্থাত ঘূৰি ফুৰাৰ সময়তে আটক কৰে। বিএছএফে জনোৱা মতে যুৱকজনৰ হাতত পাছপ’ৰ্ট নাছিল আৰু তেওঁক পাছপ’ৰ্ট আইনৰ ১২ নং ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰি স্থানীয় আৰক্ষীক গতাই দিয়া হয়।