নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফুটবল দলে ৫৮ সংখ্যক সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল টুৰ্নামেন্টত খেলাৰ যোগ্যতা অৰ্জন কৰিছে৷ ইতিমধ্যে সামৰণি পৰা দেউকণ ট্ৰফী আন্তঃজিলা স্কুল ফুটবল টুৰ্নামেন্টত চেম্পিয়ন হোৱাৰ সুবাদত এই যোগ্যতা শিক্ষানুষ্ঠানখনে এইবাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷
এই ফুটবল দলটোক অধিক উৎসাহ আৰু প্ৰেৰণা যোগোৱাৰ অৰ্থে শুক্ৰবাৰে হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷