newsnextone.com | কাৰ্বি আংলংঃ এছিয়া পেছিফিক মাষ্টার্ছ গেমছত এটা স্বৰ্ণ আৰু দুটা ব্রঞ্জৰ পদক লাভ কৰি ভাৰতৰ লগতে অসমৰ নাম বিশ্ববাসীৰ আগত উজ্জ্বলাই তোলা কাৰ্বি আংলংৰ বোৱাৰী পখিলা ইংতিপীক যোৱা দেওবাৰে কাৰ্বি আংলং জিলা অসম সাহিত্য সভাই সম্বৰ্ধনা জনায় জ্ঞাপন কৰে।
ডিফু ক্লাৱত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ কেইবাটাও জাতীয় সংগঠনে পখিলা ইংতিপীক সম্বৰ্ধনা জনায়। পখিলাৰ এই সফলতাত সমগ্র কাৰ্বি আংলংৰ ৰাইজ উৎফুল্লিত হৈ পৰাৰ লগতে পখিলা ইংতিপীৰ সাহস আৰু প্ৰতিভাৰ শলাগ লয়৷