দুলিয়াজানঃ বিজয়া দশমীৰ আনন্দ উলাহৰ মাজতে শনিবাৰে দুলিয়াজানত প্ৰতিমা বিসৰ্জন দিবলৈ গৈ নৈত ডুব যোৱা যুৱকৰ মৃতদেহ আজি উদ্ধাৰ হয়৷ দুলিয়াজানৰ বৰুৱা তিনিআলিত দেৱী দুৰ্গাক বিদায় দিবলৈ গৈ টিপলিং দিহিং নৈত দেৱীক বিসৰ্জন দিয়াৰ সময়ত বৰুৱা তিনিআলি নিৱাসী ৰাজেন্দ প্ৰসাদ আগৰৱালাৰ দ্বিতীয় পুত্ৰ সুমেশ আগৰৱালা নৈৰ পানীত ডুব যায় নিৰুদ্দেশ হৈ আছিল যদিও আজি মাছমৰিয়াই তেওৰ মৃতদেহ উদ্ধাৰ কৰে৷
স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল যদিও যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাছিল৷আনহাতে সাংসদ ৰামেশ্বৰ তেলী আৰু বিধায়ক তেৰাছ গোৱালাই দুৰ্গা পূজাৰ সময়ত ৰাইজ সুবিধা-অসুবিধা সন্দৰ্ভত খবৰ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ বিধান সভালৈ চাইকেল চলাই আহি চমক সৃষ্টি কৰা বিধায়ক তেৰাছ তথা প্ৰশাসনে প্ৰতিমা বিসৰ্জন দিয়া ঘাটত পোহৰৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷