বৰপেটাঃ বৰপেটা জিলাৰ বৰপেটা চহৰতে লাগি থকা মাধৱ চৌধুৰী কলেজৰ পৰা সোমবাৰে তিনিগৰাকী লোকক আৰক্ষীয়ে আটক কৰে৷ মাধৱ চৌধুৰী কলেজৰ এনআৰচিৰ সেৱা কেন্দ্ৰত বংশবৃক্ষৰ পৰীক্ষণ চলি থকাৰ মাজতে একেটা পৰিয়ালৰ ৰুমেলা খাতুন, জুলমত আলী আৰু ৰঞ্জন আলীক আটক কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে৷
জানিব পৰা মতে, সোমবাৰে পুৱাই এটি পৰিয়ালে জিলা খনৰে ৰাধাকুছি নামৰ এলেকাৰ পৰা বংশবৃক্ষ পৰীক্ষণৰ বাবে আহে৷ বংশ বৃক্ষ পৰীক্ষণৰ বাবে বিষয়াৰ সন্মুখত উপস্থিত হোৱাৰ পিছতে পৰিয়ালটোৰে ৩ জন লোকক আৰক্ষীয়ে আটক কৰে৷