গৌৰীসাগৰঃ সমগ্র ৰাজ্যতে অতি উলহ মালহেৰে আয়োজন কৰা গুণোৎসৱত কালিমা সানিবলৈ এচাম অসাধু চক্র যে উঠি পৰি যে লাগিছে তাক নুই কৰিব নোৱাৰি৷ তাৰেই স্পষ্ট প্রতিফলন ঘটিল শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত৷
গুণোৎসৱৰ গুণক কালিমা সানি বিদ্যালয়খনৰ অতীতৰ গুণ গৰিমা লগতে বৰ্তমানৰ শৈক্ষিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক, খেলা-ধূলা আদিৰ ক্ষেত্রত ছাত্র-ছাত্রীসকলে আগুৱাই যোৱাৰ ক্ষেত্রত এচাম চকুচৰহা লোকৰ কৃপদৃষ্টি পৰিছে৷ যাৰ ফলত চদ্ম নামেৰে দৈনিক জনম ভূমি নামৰ বাতৰি কাকতখনলৈ প্রেৰণ কৰা বাতৰিত প্রকাশ পাইছে “দিখৌমুখত গুণোৎসৱৰ ভেল্কিবাজী” শীৰ্ষক লেখা৷