হোজাইঃ ডবকাৰ মদাৰতলিৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা নিশা আৰক্ষীয়ে অস্ত্ৰ আৰু বৃহৎ পৰিমানৰ টকাসহ এজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে নিশা ১০.৩০ মান বজাত মদাৰতলি ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা খেদি খেদি ডবকা চাংমাজি গাৱঁৰ আয়ুৱ আলীৰ পুত্ৰ ফাতিৰ আহমেদক আটক কৰে।
অৱশ্যে ফাতিৰ আহমেদৰ সহযোগী দুৰ্বৃত্তই আন্ধাৰৰ সুযোগত পলাই যাবলৈ সক্ষম হয়। ধৃত ফাতেৰ আহমেদৰ পৰা আৰক্ষীয়ে পিস্তল, চাৰি জাই সক্ৰিয় গুলি আৰু ৯৯,০০০ টকাৰ জালনোট উদ্ধাৰ কৰে।