53
ডিফুঃ আজি ডিফু আৰক্ষীৰ জালত পৰিল এজন ভূৱা আলফা সদস্য তথা গাড়ীচোৰ৷ আৰক্ষীৰ সূত্ৰ মতে আজি পুৱা নামনিমুৱা নাগালেণ্ড এক্সপ্ৰেছ যোগে ডিফু অভিমূখে আহি থকা ভূৱা আলফা সদস্য তথা গভাইত গাড়ী চোৰটোৰ সম্ভেদ লাভ কৰে আৰক্ষীয়ে৷
তাৰ পাছতেই ডিফু সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ডিফু ৰেল ষ্টেচনত খোপনি পোতে৷ ভূৱা আলফা সদস্যজন ৰেলৰ পৰা নমাৰ লগে লগে আৰক্ষীয়ে আটক কৰি ডিফু থানালৈ লৈ আনে৷