Home ৰাজ্যদেৱস্থানত শিক্ষকক ৰাজহুৱা সম্বৰ্ধনাৰ লগতে স্মৃতিগ্ৰন্থ উন্মোচন

দেৱস্থানত শিক্ষকক ৰাজহুৱা সম্বৰ্ধনাৰ লগতে স্মৃতিগ্ৰন্থ উন্মোচন

by News Desk
60 views
A+A-
Reset

newsnextone.com। হাওৰাঘাট: দেওবাৰে হোজাই জিলাৰ দেৱস্থানত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আয়োজন কৰা হয় শিক্ষকৰ ৰাজহুৱা বিদায় সম্বৰ্ধনা অনুষ্ঠান। মৌডঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সহকাৰী শিক্ষক হলিৰাম নাথ, হিন্দী শিক্ষক জালাল উদ্দিন চৌধূৰীৰ লগতে মৌডঙা এম, ই, মাদ্ৰাছাৰ প্ৰধান শিক্ষক নাৰায়ণ চন্দ্ৰ নাথ আৰু চতুৰ্থ বৰ্গৰ কৰ্মী ৰহিমুজ্জামাল লস্কৰে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ উপলক্ষে আয়োজিত এই ৰাজহুৱা বিদায় সম্বৰ্ধনা অনুষ্ঠানত পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা অভ্যৰ্থনা সমিতিৰ সভাপতি ছাবিৰ আহমেদ মজুমদাৰে। লগতে বিদ্যালয়ৰ ৩৯ বছৰ পুৰ্তিত ৩৯ খন পতাকা উত্তোলন কৰে স্থানীয় শিক্ষাবিদ আৰু জ্যেষ্ঠ নাগৰিকসকলে।
তাৰ পিছতেই ছাত্ৰ-ছাত্ৰীসকলে সুসজ্জিত সমদলৰ মাজেৰে পুষ্পবৰ্ষণেৰে বিদায়ী প্ৰাৰ্থীসকলক আদৰি আনে। আনহাতে চাৰিওগৰাকী বিদায়ী প্ৰাৰ্থীৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে তেখেত সকলৰ দ্বাৰা একোজোপাকৈ গছপুলি ৰোপন কৰা হয়। আনহাতে দিনৰ ১১ বজাত অভ্যৰ্থনা সমিতিৰ সম্পাদক ৰূপক দাসৰ কথা আৰু প্ৰবীন শিল্পী মানিক বৰাৰ সুৰেৰে ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰ উদ্বোধনী গীতেৰে আৰম্ভ হয় সম্বৰ্ধনা অনুষ্ঠান আৰু মুকলি সভা।
অভ্যৰ্থনা সমিতিৰ সভাপতি ছাবিৰ আহমেদ মজুমদাৰৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাৰ আঁত ধৰে প্ৰাক্তন ছাত্ৰদ্বয় ক্ৰমে ৰূপক দাস আৰু ফাহিম ইকবাল মজুমদাৰে। সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি সমাজ জীৱনত শিক্ষকৰ অৱদানৰ ওপৰত আলোচনা কৰে নীলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহম্মদে। আনহাতে আমন্ত্ৰিত অতিথি মৌডঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক জিয়া উদ্দিন মজুমদাৰে বিদায়ী শিক্ষকসকলৰ ত্যাগ আৰু সেৱাৰ ওপৰত আলোকপাত কৰে। সভাত শিক্ষাবিদ ৰহমত আলী বৰভূঞা, জুবেৰ আহমেদ প্ৰমূখ্যে বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বী উপস্থিত থাকে।
এই অনুষ্ঠানত বিদায় প্ৰাৰ্থীসকলক স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানেও প্ৰশস্তি পত্ৰ, শৰাই আৰু বিভিন্ন উপহাৰেৰে বিপুল সম্বৰ্ধনা জনায়।
অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰাক্তন ছাত্ৰ বদৰুল ইছলাম বৰভূঞাৰ সম্পাদনাত প্ৰস্তুত কৰা “জ্যোতিষ্মান” শীৰ্ষক স্মৃতিগ্ৰন্থখনো উন্মোচন কৰা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0