মৰিয়নী, মোৰাঝাৰঃ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ধামখুমিয়াত হেৰাই গৈছে নেকি চৰকাৰী বিদ্যালয়ৰ স্বকীয়তা৷ তাহানিৰ জকাইচুকৰ এই চৰকাৰী বিদ্যালয় সমূহতে পঢ়ি বাণীকান্ত কাকতি, ৰঘুনাথ চৌধুৰী, আব্দুল মালিক, কৃষ্ণকান্ত সন্দিকৈ আদিসকল উজলি উঠিছিল৷ কিন্তু চৰকাৰৰ অৱহেলাৰ বাবে এই একালৰ গৰিমামণ্ডিত শিক্ষানুষ্ঠানসমুহ মান আজি লঘু হৈছে৷
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ফলাফল চৰকাৰী বিদ্যালয়তকৈ উৰ্ধগামী হৈছে। মৰিয়নীৰ চেলেং অঞ্চলৰ লাওজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৩৮ জন পৰীক্ষাৰ্থীৰ এজনো উত্তীৰ্ণ হ’ব নোৱাৰাৰ খবৰ আহিছে৷ ১৯৮৯ চনতে স্থাপন কৰা বিদ্যালয়খনত ৫ জন শিক্ষকে শিক্ষাদান কৰি আহিছে যদিও তিনিজন শিক্ষক এনআৰচিৰ কামত নিয়োজিত হৈ আছে৷