ঢেকীয়াজুলিঃ পুৱাৰ ভাগত হঠাতে অহা এজাক প্ৰৱল বৰষুণ আৰু বিজুলি ঢেৰেকণিৰ মাজতে কৃষি পথাৰত কাম কৰি থকা এজন যুৱ কৃষকে প্ৰাণ হেৰুৱালে ঢেকীয়াজুলি সমষ্টিৰ ঠেলামৰা ৰাজহচক্ৰৰ দগাঁৱত৷
বজ্ৰপাতৰ ফলত মৃত্যুক সাৱটি লোৱা নন্দন কৰ নামৰ লোক জনে পুৱাৰ ভাগত ধাননী পথাৰত সাৰ চটিয়াই আছিল৷ তেনে সময়তে প্ৰচণ্ড এক বজ্ৰপাতৰ আঘাতত পথাৰতে ঢলি পৰে কৃষক জন৷ বজ্ৰৰ আঘাতত গুৰুতৰ ভাবে আহত হোৱা লোকজনক পাছত পৰিয়ালৰ লোকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে৷