নগাঁওঃ ৰাজ্যৰ অন্যান্য ঠাইৰ দৰে নগাঁও জিলাৰ কৃষিজীৱি লোকসকলেও বিভিন্ন সমস্যাৰে মোকাবিলা কৰি প্ৰতি বছৰে কৃষি-কাৰ্য সম্পাদন কৰি আহিছে যদিও লক্ষণীয়ভাৱে পাবলৈ সক্ষম হোৱা নাই শ্ৰমৰ প্ৰকৃত মূল্য ৷যাৰ পৰিণতিত নগঞা দৰিদ্ৰ কৃষকসকল হতাশাগ্ৰস্ত হৈ পৰিছে ৷ ঘাইকৈ এইসকল কৃষকে আন খেতিৰ তুলনাত প্ৰতি বছৰে বহু কষ্টৰে প্ৰচুৰ পৰিমাণে ধান খেতিত মনোনিবেশ কৰি পৰিয়াল পোহ-পাল দি আহিছে ৷
কিন্তু খেতি সামৰাৰ অন্তত বজাৰত ধানৰ উচিত দৰ নোপোৱাত এই কৃষকসকলে চকুয়ে ধোৱা-কুৱা দেখিছে ৷ জিলাখনৰ অঞ্চল বিশেষে এচাম কষ্টসহিষ্ণু কৃষকৰ লগত এই সন্দৰ্ভত মত বিনিময় কৰাত তেওঁলোকে অধিক পৰিশ্ৰম কৰি পৰম আশাৰে গাঁঠিৰ ধন খৰছ কৰাৰ পিছতো উচিৎ মূল্যৰ পৰা বাৰে বাৰে বঞ্চিত হৈ অহাৰ হেতু অনিচ্ছা সত্ত্বেও এইচাম কৃষকৰ মনলৈ কৃষি-কৰ্মৰ প্ৰতি সম্প্ৰতি অনীহা ভাৱ আহি পৰা বুলি মত প্ৰকাশ কৰিছে৷