নগাঁওঃ খেতি বিনে অসহায় অসমীয়া৷ এতিয়া কঠিয়াৰ মাটি চহোৱাৰ পৰা আৰম্ভ কৰি পথাৰ চহোৱা, আলি দিয়াত যেন ব্যস্ত জকাইচুকৰ আৱাল-বৃদ্ধ বনিতা৷ তিনিমাহ পাছত ঘৰলৈ সোণগুটি চপাই অনাৰ সপোন ৰছি খেতিয়কৰ যেন গাত ত’ত নাইকিয়া৷ নগাঁও জিলাৰ গ্ৰামাঞ্চলৰ খেতিয়কসকলো এতিয়া পথাৰত ব্যস্ত ৷
বিভিন্ন প্ৰকাৰৰ খেতিৰ সমান্তৰালকৈ প্ৰধানতঃ ধানখেতিৰে জীৱন নিৰ্বাহ কৰি অহা এই কৃষকসকলে ধানখেতিৰ জৰিয়তে একপ্ৰকাৰে সেউজ বিপ্লৱৰ সূচনা কৰি আহিছে নগাঁও জিলাৰ কৃষকে ৷ যুগ যুগ ধৰি বহু পৰিশ্ৰমেৰে এইসকল কষ্টসহিষ্ণু কৃষকে নিৰৱচ্ছিন্নভাৱে কৃষি-কাৰ্য সম্পাদন কৰি আহিছে যদিও বিগত কেইবছৰ মানৰ পৰা প্ৰকৃতিৰ তাণ্ডৱে কৃষকসকলক দিশহাৰা কৰি আহিছে৷