ডিজিটেল ডেস্কঃ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি দলে দেশৰ দূুটা বৃহৎ সমস্যা মূল্য বৃদ্ধি ৰোধ আৰু দুৰ্নীতি নিৰ্মূলকৰাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ আহিবলৈ সক্ষম হৈছিল৷ ইয়াৰোপৰি কৃষকক ৫০ শতাংশ ৰাজহ দিয়াৰ প্ৰতিশ্ৰুতি ঘোষণাৰ জৰিয়তে কৃষকৰ পৰা অধিকসংখ্যক ভোট আদায় কৰি কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল বিজেপি চৰকাৰে৷

চৰকাৰ গঠন হোৱাৰ পাছত কৃষকসকলৰ মুখলৈ হাঁহি আহিছিল- দুৰ্নীতি ৰোধ হৈ ভাল দিন অহাৰ আশাত৷ তেওঁলোকে ভাবিছিল-চৰকাৰী কাৰ্যালয়ত-কাছাৰীত টকা নিদিলে যিবিলাক কাম সমাধান নহৈছিল, সেইবোৰ এতিয়াৰ পৰা বিনা পইচাৰে হৈ যাব৷ তেওঁলোকে ভাবিছিল এতিয়াৰ পৰা পেট্ৰল, ডিজেল, ৰাসায়নিক দ্ৰব্য, ঔষধ-পাতিৰ লগতে খেতিৰ উপযোগী সা-সামগ্ৰী আৰু সাধাৰণ জীৱনৰ বাবে অতি প্ৰয়োজনীয় বস্তুসমূহৰ দাম কমিব৷ কিন্তু কাৰ্যতঃ বৰ্তমানলৈকে একো নহ’ল৷ কৃষকসকলে নিৰ্বাচনৰ আগলৈকে বুজিব পৰা নাছিল যে মূল্যবৃদ্ধি মানে কি? কৃষকসকলে ভাবি লৈছিল যে দেশত কেৱল খেতিৰ দ্বাৰা উৎপাদিত যেনে চাউল, আলু, দাইল, পিঁয়াজ, শাক-পাচলি, ঘেঁহু, গাখীৰ ইত্যাদি সামগ্ৰীসমূহৰ দাম বঢ়োৱা টোৱেই মূল্যবৃদ্ধি৷

কিন্তু যেতিয়াৰ পৰা কৃষকসকলে মূল্যবৃদ্ধিৰ পৰিভাষা উপলদ্ধি কৰিবলৈ ল’লে তেতিয়ালৈকে বহুত দেৰি হৈ গৈছিল৷ দেশত যেতিয়া এই বস্তুসমূহৰ মূল্য বৃদ্ধি পায় তেতিয়াই শাসিত চৰকাৰৰ প্ৰতি বিৰোধী ৰাজনৈতিক দলসমূহে টিভিৰ আগত মূল্যবৃদ্ধিৰ প্ৰতি তীব্ৰ সমালোচনাত নামি পৰা দেখা যায়৷ একাংশ নেতাই বিভিন্ন ফল-পাচলি ডিঙিত ওলোমাইয়ো প্ৰতিবাদত নামি পৰা পৰিলক্ষিত হয়৷ কিন্তু অতি পৰিতাপৰ বিষয়, কৃষকসকলে উৎপাদিত ফচলৰ উচিত মূল্য নোপোৱাৰ সময়ত কোনো এটা দলেই কৃষকসকলৰ হৈ মাত মাতিবলৈ ওলাই নাহে৷ এনে দুৰ্ভোগৰ সময়ত চকুলো টুকিব লগা হয় কৃষকৰ পৰিয়ালবোৰে৷ উল্লেখ্য যে, দেশত মূল্যবৃদ্ধি গণনা কৰাৰ নীতিতেই ভুল আছে বুলি কব পাৰি৷

উপভোক্তাৰ মূল্য সূচাংক নীতিত কৃষিৰ দ্বাৰা উৎপাদিত ভোগ্য বস্তুৰ হাৰ ৪৬ শতাংশ নিৰ্ধাৰণ কৰাৰ লগতে আমাৰ বাবে অতি আৱশ্যকীয় উদ্যোগৰ দ্বাৰা প্ৰস্তুত কৰা বস্তু তথা গতানুগতিক জীৱনত অতি প্ৰয়োজনীয় সামগ্ৰীসমূহৰ নিৰিষ চৰকাৰে কমকৈ ৰখা দেখা যায়৷ ২০১৪ চনত নতুন চৰকাৰ গঠন হোৱাৰ সময়চোৱাত মগু দাইলৰ মূল্য প্ৰতি কুইণ্টল ৭,৫০০ টকাৰ পৰা ৮,০০০ টকা আছিল৷ কিন্তু বৰ্তমান সময়ত ইয়াৰ মূল্য হ্ৰাস পায় ৩,০০০-৪,০০০ টকা হয়গৈ৷  ইয়াৰোপৰি মাটি দাইল প্ৰতি কুইণ্টলত ১১,০০০-১২,০০০ পৰা ২,২০০-৩,০০০ টকা, ৰহৰ দাইল প্ৰতি কুইণ্টলত ১০০০০ পৰা ৩,২০০-৪,০০০ টকা হৈছে৷ আনকি প্ৰতি কিলো আলুৰ দাম ৩০ টকাৰ ঠাইত এইবৰ্ষত ৫০ পইচালৈও হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷

এই সামগ্ৰী সমূহৰ মূল্য হ্ৰাস পোৱাৰ মূল কাৰণ হৈছে চৰকাৰে মূল্যবৃদ্ধিৰ ৰোধ কৰাৰ কাৰণে দেশত অত্যাধিক হাৰত খাদ্য-সামগ্ৰী উৎপাদন কৰাৰ পাছতো বিদেশৰ পৰা বস্তু আমদানি কৰি অনাটো৷ দেশ শাসন বিজেপি বা কংগ্ৰেছ, যি দলেই নকৰক কিয় পৃথিৱীৰ ভিতৰত বৃহৎ উৎপাদক দেশ হিচাপে পৰিগণিত হোৱাৰ পাছতো কৃষকৰ আৱেগৰ সৈতে খেলা কৰি আহিছে৷ ২০০৬ চনত কংগ্ৰেছ চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাইলৰ ওপৰত এক পৰ্যাপ্ত ৰাশি নিৰ্ধাৰণ কৰি দিছিল৷ কিন্তু তাৰ পৰিণতিস্বৰূপে কৃষকসকলে পানী দামতহে উৎপাদিত ফচল বিক্ৰী কৰিব লগা হৈছিল৷ অৱশ্যে চৰকাৰে ২০১৭ চনত এই সীমা ৰাশি বন্ধ কৰি দিয়ে৷ অন্যহাতে ২০১৬-১৭ বৰ্ষত বৰ্তমানৰ শাসিত চৰকাৰে ঘেঁহুৰ উৎপাদন শুল্ক প্ৰথমতে ২৫ শতাংশৰ পৰা ১০ শতাংশ কৰি দিছিল৷ কিন্তু পাছত ইয়াক শূণ্য কৰি দিয়ে৷ ২০১৭ চনত দেশত ৪০ লাখ টন ঘেঁহু উৎপাদিত হৈছিল৷

মূল্যবৃদ্ধি ৰোধৰ বাবে বৃহৎ হাৰত ঘেঁহু উৎপাদন কৰিলেও কৃষকে নিৰ্ধাৰিত মূল্যতকৈ কম দামত বিক্ৰী কৰিব লগা হৈছিল৷ বৰ্তমান সময়ত দেশত আলুক লৈ হাহাকাৰ লাগি আছে, কৃষকে আলু দলিওৱাৰ কাৰ্যও দেখিবলৈ পোৱা গৈছে৷ চৰকাৰে ২০১৬ চনৰ জুলাই মাহত আলুৰ নূন্যতম নিৰ্ধাৰিত মূল্য প্ৰতি টনত ৩৬০ ডলাৰ নিৰিষ বান্ধি দিছিল৷ সেই সময়চোৱাত আগ্ৰাত বেচা-কিনা কৰা বিশেষ বজাৰখনত আলু ১৫.২৫ টকাত বিক্ৰী কৰাৰ লগতে দেশৰ ৰাজধানীত ৩৫-৪০ টকাৰ বজাৰ মূল্যত আলু বিক্ৰী কৰিছিল৷ কিন্তু বৰ্তমান আগ্ৰাত এই আলুৰ মূল্য হৈছেগৈ প্ৰতি কিলোত ৫০ পইচা৷

চৰকাৰে বাৰে বাৰে আলুৰ মূল্য নিৰ্ধাৰণ কৰি দিয়াৰ কাৰণেই এনে হৈছে বুলি ক’ব পৰা যায়৷ ইয়াৰ লগতে চৰকাৰে ইয়াকো বন্ধ নকৰি দেশত অধিক হাৰত সামগ্ৰী উৎপাদন কৰি মূল্য বৃদ্ধি ৰোধ কৰাৰ চেষ্টা চলালেও ২০১৭-১৮ বৰ্ষত ৩ লাখ টন ৰহৰ দাইল বিদেশৰ পৰা আমদানি কৰিছে৷ এই ক্ষেত্ৰত লোকচানৰ সন্মুখীন হৈছে কৃষকসকলেহে৷ উল্লেখ্য যে, ২০১৭ চনত কৃষকসকলে খাৰিফ শস্যৰ ক্ষেত্ৰত নিৰ্ধাৰিত দৰতকৈ কম মূল্য পোৱাৰ বাবে ৩,৬০০ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব লগা হয়৷ চৰকাৰে মূল্যবৃদ্ধি ৰোধৰ বাবে যি নীতি গ্ৰহণ কৰিছিল তাৰ পৰা চৰকাৰৰ লাভ হোৱাৰ বিপৰীতে কৃষকসকলে উৎপাদন কৰা সামগ্ৰীক পানী দামত বিক্ৰী কৰিব লগা হয় আৰু বাকী সামগ্ৰী সমূহৰ মূল্য বৃদ্ধি হৈ থাকে৷

এই সকলোবোৰ দুৰ্দশা কৃষকসকলে মনে মনে সহ্য কৰি আহিছে৷ কিন্তু কৃষক নহৈ উদ্যোগপতি হোৱা হ’লে ইমান দিনে দেশত হুলস্থুল লগালেহেঁতেন৷ দেশত যি চৰকাৰেই নাথাকক কিয় বাৰে বাৰে কৃষকেই বঞ্চনা-শোষণৰ বলি হ’ব লগা হয়৷ কৃষকসকল বলি হৈ আহিলেও কৃষকৰ ভোটৰ দ্বাৰাহে চৰকাৰ গঠন হৈ আহিছে কিন্তু লাভ হৈছে উদ্যোগপতিসকলৰ৷ কিয়নো কৃষকে ভোট দিয়ে, বিপৰীতে উদ্যোগে নোট দিয়ে৷ এতিয়াৰ পৰা কৃষকসকলে নিজৰ ভুল উপলব্ধি কৰা উচিত৷ নহ’লে চৰকাৰে কৃষকসকলক বলিৰ পঠা সজাই এদিন কৃষক সমাজকেই নিঃশেষ কৰি পেলাব৷        

(the wire-ত প্ৰকাশিত এই প্ৰতিবেদন)