newsnextone.com | মোৰাঝাৰঃ বানত ক্ষতিগ্ৰস্ত দৰিদ্ৰ কৃষকে আত্মহত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে হোজাই জিলাত৷ হোজাই জিলাৰ মোৰাঝাৰৰ ডিমৰূপাৰৰ হিফজুৰ ৰহমান নামৰ কৃষক জনে বানত কৃষিভূমি হেৰুৱাই আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে৷
কিছু দিন পূৰ্বে হোজাই জিলাত মথাউৰি ছিঙি বানৰ কৱলত পৰি কৃষকগৰাকীয়ে কেইবা বিঘা কৃষি ভূমি বিনষ্ট হয়৷ খেতিপথাৰ পানীত ডুব গৈ সকলো হেৰুৱাই চিন্তাত দিন পাৰ কৰিছিল খেতিয়কজনে৷ হিফজুৰ ৰহমানৰ কেইবা বিঘা মাটি সম্পূৰ্ণৰূপে ডুব গৈ নষ্ট হৈছিল। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, বান পানীৰ পিছৰে পৰা মানসিক ভাৱে ভাগি পৰিছিল লোকজনে৷