ৰঙিয়া/তুলসীবাৰীঃ বৰলুইতৰ পাৰৰ এমুঠি সৌন্দৰ্য্য বিকশিত কৰিবলৈ বৰলুইত সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত তথা আইদেউ টকীজ অসমৰ সহযোগত এখনি সৌন্দৰ্য্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৰঙিয়াত ৯ ছেপ্তেম্বৰত মিষ্টাৰ এণ্ড মিছ বৰলুইত প্ৰতিযোগিতা অনুষ্ঠিত হোৱা সৌন্দৰ্য্য প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৪০ গৰাকী যুৱক-যুৱতীয়ে৷
ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱন প্ৰাংগণত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰঙিয়া পৌৰসভাৰ পৌৰপতি দৈবকী বড়োৱে৷