newsnextone.com | গুৱাহাটীঃ আমেৰিকাত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক প্ৰতিবছৰৰ দৰে এইবেলিও সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসমীয়াই পৰিচালনা কৰা আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী অনুষ্ঠান ফ্ৰেণ্ডছ অৱ আসাম এণ্ড চেভেন চিষ্টাৰ্ছ চমুকৈ ফাচে৷ ফ্ৰেণ্ডছ অৱ আসাম এণ্ড চেভেন চিষ্টাৰ্ছৰ সভাপতি ৰাজেন বৰুৱা আৰু সাধাৰণ সম্পাদক জয়ন্ত শৰ্মাই এক বিবৃতি যোগে আমেৰিকাত আধ্যয়নৰত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীক ৱেলকাম পেকেজৰ (Welcome Package) জৰিয়তে সহায় কৰিব বুলি জানিবলৈ দিয়ে৷
আমেৰিকাত পঢ়ি থকা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ফাচে ২০১৮ বৰ্ষৰ বাবে ‘স্বাগতম পেকেজʼৰ কথা ঘোষণা কৰি নিৰ্বাচিত উপযুক্ত ছাত্ৰ-ছাত্ৰীক ১০০০ ডলাৰ দিয়া হ’ব বুলি কয়। উপযুক্ত প্রাৰ্থীসকল ২০১৭ চনত আমেৰিকাৰ যিকোনো বিশ্ববিদ্যালয়ত যি কোনো বিষয়ত পূৰ্ণকালিন পঢ়ি থকা ছাত্ৰ-ছাত্ৰী হ’ব লাগিব।