60
ডিজিটেল ডেস্কঃ বৰ্তমানৰ অভিভাৱকৰ মুৰৰ কামোৰণি হৈ পৰিছে ফাষ্ট ফুড৷ খাদ্যাভাস বেয়া কৰি পেলোৱা ফাষ্টফুডৰ বাবে এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুতৰ সমস্যাৰ সৃষ্টি হোৱাৰ সময়তে ফাষ্টফুড সংক্ৰান্তত এক গুৰুত্বপুৰ্ণ সিদ্ধান্ত লৈছে চৰকাৰে।
বিদ্যালয়সমুহত নিষিদ্ধ কৰা হৈছে এই খাদ্য৷ অৱেশ্য মহাৰাষ্ট্ৰৰ বিদ্যালয়ৰ কেন্টিনতহে নিষিদ্ধ কৰা হৈছে ফাষ্ট ফুড৷ দুবছৰ আগতেই কেন্দ্ৰীয় চৰকাৰে দিয়া এই নিৰ্দেশৰ আধাৰত মহাৰাষ্ট্ৰ চৰকাৰে নিৰ্দেশ দিছে বিদ্যালয়সমুহত৷