49
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ডালোৱাবাৰীৰ আমগুৰিত খাদ্যত বিষক্ৰিয়া হৈ পিতা-পুত্ৰৰ মৃত্যু হোৱা ঘটনাাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। খাদ্যত বিষক্ৰিয়া হৈ কৰুণ মৃত্যুক সাৱটি লোৱা পিতা পুত্ৰ হ’ল ক্ৰমে শ্যামল সৰকাৰ (৫০) আৰু তাপস সৰকাৰ(২৭)।
ইয়াৰোপৰি শ্যামল সৰকাৰৰ পত্নী তথা তাপস সৰকাৰৰ মাতৃ সুমিত্ৰা সৰকাৰ(৪২) বিষক্ৰিয়াত গুৰুতৰভাৱে আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।