57
বালিপাৰাঃ শিক্ষা গ্ৰহণত নাই বয়সৰ কোনো সীমা। বয়সৰ সীমা নাই যেতিয়া সৰু-ডাঙৰ বুলি লাজ কৰিবলগীয়াও একো নাই। এই কথাকে মৰ্মে মৰ্মে উপলব্ধি কৰিছিল লেজু মিলিয়ে।
বহুতে বহু কথা কৈছিল যদিও সেইবোৰলৈ কৰ্ণপাত কৰা নাছিল চাৰিদুৱাৰৰ লেজুৱে। তাৰ পৰিৱৰ্তে তেওঁ খুটি-নাতি মাৰি শিকি গৈছিল পাঠ্যক্ৰমৰ প্ৰতিটো বিষয়, প্ৰতিটো অধ্যায়। কেতিয়াবা সমস্যাত পৰিলে পুত্ৰকো সুধিবলৈ লাজ কৰা নাছিল লোকজনে।