চাংসাৰিঃ মদ বিক্ৰীত বাধা দিয়া বাবে মদ ব্যৱসায়ী পিতৃয়ে কোৰেৰে কৰা প্ৰহাৰত আহত হ’ল পুত্ৰ। লকডাউনৰ মাজতে উত্তৰ গুৱাহাটীৰ দিহিংসত্ৰত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। প্ৰাপ্ত বাতৰি মতে, বৃহস্পতিবাৰে দ্বীপজ্যোতি দাস নামৰ যুৱকজনে মদ বিক্ৰীত বাধা প্ৰদান কৰাৰ পিছতে ক্ষুব্ধ হৈ পিতৃ বিজু দাস। এই লৈ দুয়োৰে মাজত তৰ্কা-তৰ্কিও লাগে। তৰ্কা-তৰ্কিৰ শেষত খঙত একো নাই হৈ কোৰেৰে প্ৰহাৰ কৰে পুত্ৰ দ্বীপজ্যোতিক।
পিতৃৰ কোৰৰ আঘাতত হাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দ্বীপজ্যোতি। ঘটনা সন্দৰ্ভত ৰক্তক্ষৰণ হৈ থকা অৱস্থাৰেই উত্তৰ গুৱাহাটী থানালৈ আহি পিতৃৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে যুৱকজনে।