ভাৰতীয় দাৰ্শনিক তথা ধৰ্মগুৰু ওশ্ব’ৱে কৈছিল- ”বিবাহ প্ৰক্ৰিয়া জটিল হ’ব লাগে, কিন্তু বিবাহ বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়া সহজ হোৱা উচিত। প্ৰতিগৰাকী নাৰী আৰু পুৰুষেই নিজৰ ইচ্ছা অনুসৰি বিবাহ নামৰ সামাজিক বান্ধোনৰ পৰা মুক্ত হোৱাৰ অধিকাৰ লাভ কৰা উচিত।’’
কিন্তু ভাৰত হৈছে এনে এখন দেশ, য’ত বিবাহ সম্পন্ন কৰাটো সহজ, কিন্তু বিবাহ বিচ্ছেদ সদায় এক কঠিন বিষয়। যিকোনো পুৰুষ অথবা মহিলাই নিজৰ ইচ্ছা অনুসৰি যেতিয়াই বিচাৰে বিবাহ পাশত আৱদ্ধ হ’ব পাৰে। কিন্তু বিবাহ বিচ্ছেদৰ সময়ত সন্মুখত থিয় দিয়ে অলেখ প্ৰত্যাহ্বান। ভাৰতীয় ন্যায় ব্যৱস্থাতো বিবাহ বিচ্ছেদ এক জটিল প্ৰক্ৰিয়া। তদুপৰি এগৰাকী মহিলাই বিবাহ বিচ্ছেদ বিচৰাৰ সময়ত প্ৰায়ে সমাজ আৰু পৰিয়ালৰ পৰা নানাক কথা শুনিবলগীয়া হয়। বুজাই-বঢ়াই তেওঁক আমৃত্যু স্বামীগৃহত পাৰ কৰিবলৈ বাধ্য কৰোৱা হয়। বহু সময়ত বিবাহ বিচ্ছেদ বিচৰা মহিলাৰ চৰিত্ৰক লৈও উত্থাপন হয় প্ৰশ্নৰ।