newsnextone.com | চতিয়াঃ কোৱা হয়, পিতৃ পৃথিৱীৰ শ্ৰেষ্ঠতম দাঁতা আৰু ত্যাগ কৰ্তা৷ সন্তান যিয়েই নহওক, যেনেকুৱাই নহওঁক, পিতৃ বা মাতৃৰ বাবে সন্তান সদায় সন্তান৷ কিন্তু একবিংশ শতিকাৰ দ্বিতীয় দশকতো এনে একাংশ পিতৃ আছে, যি তথাকথিত শিক্ষিত আৰু ভদ্ৰতাৰ মুখা পিন্ধি ফুৰিলেও আজিও সন্তানৰ মাজত পুত্ৰ সন্তান, কন্যা সন্তান লৈ বিভেদ সৃষ্টি কৰি আহিছে৷ এনে এক পিতৃয়েই হৈছে বিশ্বনাথ চাৰিআলিৰ আদৰ্শ বহুমূখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সোনাৰাম ভূঞা৷
সমাজক নৈতিকতাৰ পোহৰ দেখুৱাই উচিত পথ দেখুৱাই দিয়া শিক্ষকৰ দৰে এক কৰ্মত জড়িত থকাৰ পিছতো এইগৰাকী মুখা পিন্ধা ভদ্ৰলোকে আজিও কন্যা সন্তানক আকোঁৱালি ল’ব নোৱাৰিলে৷ পুত্ৰ সন্তান কামনা কৰা সোণাৰাম ভুঞা নামৰ শিক্ষিত ভদ্ৰলোক জনৰ এনে কাণ্ডই এতিয়াই সমগ্ৰ বিশ্বনাথত এক আলোচনাৰ বিষয় হৈ পৰিছে৷