55
ডিজিটেল ডেস্কঃ নিজ পিতৃ কিমান নিষ্ঠুৰ হ’লে হত্যা কৰিব পাৰে সন্তানক৷ এনে এক পাষাণ পিতৃৰ নিষ্ঠুৰতাৰ বলি হৈ সন্তানে হেৰুৱালে প্ৰাণ৷
উক্ত ঘটনা সংঘটিত হয় কোচবিহাৰত৷ ফুচকা খাবলৈ মন কৰি টকা বিচৰাৰ বাবেই পিতৃৰ হাতত প্ৰাণ হেৰুৱালে সন্তানে৷ বৃহস্পতিবাৰে ৰাতি সংগম নামৰ কিশোৰজনে ফুচকাৰ বাবে টকা বিচাৰিছিল পিতৃ লক্ষণক৷ টকা বিচৰাৰ বাবে খঙত অগ্নিশৰ্মা হৈ পুত্ৰক মাৰিবলৈ আৰম্ভ কৰে পিতৃয়ে৷