নগাঁওঃ ছ’নী টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব ইণ্ডিয়ান আইডল জুনিয়ৰৰ বিজেতা তথা অসম গৌৰৱ জনপ্ৰিয় কন্ঠশিল্পী নাহিদ আফ্ৰিনক ৪২ টা ইছলাম ধৰ্মীয় সংগঠনে ফতোৱা জাৰি কৰা বুলি ৰাজ্যজুৰি হৈ-চৈ হৈ আৰু ছ’চিয়েল মিডিয়াতো ব্যাপক প্ৰতিক্ৰিয়াৰ মাজতে নগাঁও জিলাৰ ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে এক সংবাদ মেল অনুষ্ঠিত কৰি নাহিদ আফ্ৰিনৰ বিৰুদ্ধে ফতোৱা জাৰি কৰা বুলি কৰা প্ৰচাৰক সম্পূ্ৰ্ণ ভুৱা আৰু মনে সজা আখ্যা দিয়ে৷
দিছপুৰ প্ৰেছ ক্লাবত সংবাদ মেল অনুষ্ঠিত কৰি ধিঙৰ বিধায়ক আমিনুল ইছলামে ৰাজহুৱা প্ৰচাৰ পত্ৰখনত নাহিদৰ নামেই উল্লেখ নাই বুলি উল্লেখ কৰে৷ সংবাদ মেলত বিধায়কগৰাকীয়ে আৰু কয়, উদালী অঞ্চলত থকা মছজিদ, মাদ্ৰাছা, মাৰ্কজ, ঈদগাহ, কবৰস্থান আদিৰ পবিত্ৰতা আৰু মৰ্যাদা ৰক্ষাৰ স্বাৰ্থত পশ্চিমীয়া অপসংস্কৃতিৰ ধাৰক-বাহক ‘‘কালচাৰেল নাইট’’ অনুষ্ঠিত নকৰিবলৈহে প্ৰচাৰ পত্ৰখনত কোৱা আছিল৷ এয়া কোনো কাৰণতে ফতোৱা নাছিল৷