newsnextone.com | ওদালগুৰিঃ সুন্দৰী যুৱতী-মহিলাই মিঠা মাতেৰে অপোনাক ফোন কৰিলে সাৱধান৷ কিয়নো মৌ-বৰষা সেই মাত আপোনাৰ প্ৰতি থকা আগ্ৰহ আৰু আকৰ্ষণৰ বাবে নহয়। মৌ-বৰষা তেনে মাতৰ আঁৰত নিহিত হৈ আছে আপোনাৰ বেংকৰ একাউণ্টৰ টকাকেইটাত।
মিঠা মাতেৰে মোহিত কৰি মাতি নি তেনে যুৱতী-মহিলাই আপোনাক লুটি নিব পাৰে। হিন্দী কথাছবিৰ দৰে এক কাহিনী সংঘটিত হ’ব ধৰিছে অসমত। মৌ-বৰষা মাতেৰে ফোনকল কৰি আপোনাৰ মাটিত যদি টাৱাৰ বহুওৱাৰ কথা কয় তেন্তে সেই ফোনকল কাটি দিয়াই ভাল। কিয়নো এনে ফোনকল সমূহৰ দ্বাৰা অসমত জাল পেলাই সাধাৰণ লোকক লুটি নিয়াৰ চেষ্টা কৰাৰ খবৰ আহিছে। দীৰ্ঘ সময় ধৰি একাংশ মহিলাই মিঠা মাত দি বিভিন্ন কথাৰে আপোনাৰ পৰা টকা বিচাৰিব পাৰে। বিনিময়ত আপোনাৰ মাটিত টাৱাৰ বহুৱাই মাহেকত শকত ধন দিয়াৰ প্ৰলোভন দিব পাৰে। কিন্তু এয়া গোকাট মিছা কথা।