newsnextone.com | নামতিঃ শিৱসাগৰ জিলাৰ নামতিত মানৱ সম্পদ গঢ়াৰ ১৪গৰাকী খনিকৰক বুধবাৰে সম্বৰ্ধনা যাচে শিক্ষক সমাজে৷ নামতিৰ শিক্ষক সমাজে অৱসৰ গ্ৰহণ কৰা ১৪ গৰাকী শিক্ষকক মৰিনামদাং প্রাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত এটি বিশেষ কাৰ্যসূচীৰ জৰিয়তে বুধবাৰে সম্বৰ্ধনা যাচে৷
শিৱসাগৰ জিলাৰ নাজিৰা শিক্ষা খণ্ডৰ অন্তর্গত মৰিনামদাং প্ৰাথমিক বিদ্যালয়ত নামতি চাৰিআলি মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত অঞ্চলটোৰ ১৪ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা যাচিবৰ বাবে বৰ্ণাঢ্য অনুষ্ঠানত পুৱা শিক্ষক-শিক্ষয়িত্রী আৰু ছাত্র-ছাত্রীসকলে ৰাষ্ট্ৰীয় সংগীতে গাই কাৰ্যসূচী আৰম্ভ কৰে।