newsnextone.com | ডিব্ৰুগড়ঃ তেওঁ দৰিদ্ৰ পৰিয়ালৰ সন্তান আছিল৷ একালত পথৰ দাতিত চূণ বিক্ৰী কৰিছিল ঘৰ চলাবলৈ৷ জন্মৰ পৰাই দৰিদ্ৰতাক ওচৰৰ পৰা দেখা লোকগৰাকীয়ে কেতিয়াও সংগ্ৰাম কৰিবলৈ এৰা নাছিল৷ দৰিদ্ৰতাৰ ওচৰত হাৰ নামানি সংগ্ৰাম কৰি কিবা এটা কৰি দেখুওৱাৰ আশা পুহি ৰখা লোকগৰাকী এতিয়া উজনিৰ আগশাৰীৰ ব্যৱসায়ী৷
সৰু সৰু কামত নিমজ্জিত হৈ সাধনা কৰি এতিয়া আগশাৰীৰ ব্যৱসায়ী৷ পিতৃ-মাতৃৰ উপাৰ্জনেৰে পৰিয়াল নচলে বাবে ডাঙৰ হৈয়ে ব্যৱসায়ত হাত দি পৰিয়াল-পোহপাল দিছিল৷ পুৱাই ভাত সাজ খাই ঘৰৰ পৰা ওলাই গৈ নিতৌ ডাঙৰ মানুহ হোৱাৰ বাবে কৰিছিল সংগ্ৰাম৷