newsnextone.com | গোৰেশ্বৰঃ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বাক্সা জিলাৰ গোৰেশ্বৰৰ অনিন্দিতা মেধী নামৰ পৰীক্ষাৰ্থীগৰাকীয়ে প্ৰথম দহগৰাকীৰ ভিতৰতে অষ্টম স্থান দখল কৰা শনিবাৰে গোৰেশ্বৰত বিভিন্ন গল-সংগঠনে সম্বৰ্ধনা যাচে৷
বাক্সা জিলাৰ গোৰেশ্বৰস্থিত ৰেইনব’ ইংলিচ স্কুলৰ ছাত্ৰী অনিন্দিতা মেধীক সম্বৰ্ধনা জনাবলৈ শনিবাৰে আয়োজন কৰা সভাত প্ৰাক্তন আছুনেতা কমলপুৰৰ বিধায়ক সত্যব্ৰত কলিতা, বিটিচিৰ ইএম গণেশ কছাৰী, মহেশ্বৰ বসুমতাৰী আদি নেতা উপস্থিত থাকে৷