newsnextone.com | নামতিঃ আহোমৰ ৰাজধানী শিৱসাগৰ জিলাত সম্প্ৰীতিৰ এনাজৰীডাল যে আজিও কটকটীয়া হৈ আছে সেই কথাকেই পুনৰ প্ৰমাণ কৰিলে৷ হজলৈ যাব ওলোৱা এগৰাকী ইছলামধৰ্মীক ৰাইজে যেনেদৰে সন্মান যাচিলে তাৰ দ্বাৰা প্ৰমাণ হয় এইখন সমাজক সহজেই হিন্দু-মুছলমানৰ নামত ভাগ ভাগ কৰিব পৰা নাযাব৷ ৰাজনীতিৰ নামত বিভেদৰ বীজ সিঁচি জাতি-ধৰ্মৰ নামত ভাগ ভাগ কৰিব খোজাসকলৰ বাবে উচিত শিক্ষাই দিলেই নামতিবাসীয়ে৷

হিন্দু আৰু মুছলমানৰ সম্প্ৰীতিৰ এনাজৰীডাল আজিও কটকটীয়া হৈ আছে অসমত তাকেই প্ৰমাণ কৰি হিন্দু-মুছলমানে একেলগে হজ যাত্ৰীক সম্বর্ধনা তথা শুভেচ্ছা যাচিলে৷

সম্প্ৰীতিৰ পবিত্ৰ মিলনভূমি শিৱসাগৰৰ নামতিৰ মৰিনামদাঙত ১৯৭৩ চনতে স্থাপিত হৈছিল মৰিনামদাং প্রাথমিক বিদ্যালয়। নাজিৰা শিক্ষা খণ্ডৰ অন্তর্গত বিদ্যালয়খন নিৰ্মাণৰ বাবে আগবাঢ়িছিল৷ কিন্তু সেই সময়ত দেখা দিছিল ভূমিৰ সমস্যাই৷ ভূমিৰ সমস্যাৰ কথা অৱগত নিজামউদ্দিন আলী ওৰফে লাইটে৷ নিজামউদ্দিন আলী ওৰফে লাইটে ভূমিদান কৰিছিল স্কুলৰ বাবে আৰু প্ৰতিষ্ঠা হৈছিল বিদ্যালয় খন৷ তেতিয়াৰ যুৱক নিজামউদ্দিন আলী এতিয়া বৃদ্ধ হ’ল৷ অহা ১২ জুলাই মাহত মক্কালৈ যাত্ৰা কৰিব হজৰ বাবে।

এই গৰাকী সমাজপ্ৰিয় লোকক বিভিন্ন জনে সন্মান দিয়াৰ লগে লগে ভূমিদান কৰা বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয় খলনৈ আমন্ত্ৰণ কৰি দিয়ে তেওঁক৷ বিশেষ সন্মান জনোৱাৰ লগতে স্কুল কৰ্তৃপক্ষই ১৯৭৩ চনত ভূমিদান কৰাৰ সেই দিনৰ কথা স্মৰণ কৰে৷ মঙলবাৰে মৰিনামদাং প্রাথমিক বিদ্যালয়ৰ প্ৰাংগণত বিদ্যালয় পৰিচালনা সমিতিৰ উদ্যোগত, মাতৃগোট আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সহযোগত এখন সভা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি চেনিৰাম কোঁৱৰৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত অভিভাৱকসকলৰ লগতে অঞ্চলটোৰ ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

সভাত মৰিনামদাং প্রাথমিক বিদ্যালয়ৰ ভূমিদাতা আলহাজ নিজামউদ্দিন আলীক প্ৰধান শিক্ষয়িত্ৰী অমিয়া গগৈকে ধৰি বিভিন্ন জনে তচবিহ, টুপি, কুৰ্তা, লুঙী আৰু গামোচাৰে অভিনন্দন জনায় নিজামউদ্দিন আলী ওৰফে লাইটক।