newsnextone.com | নামতিঃ আহোমৰ ৰাজধানী শিৱসাগৰ জিলাত সম্প্ৰীতিৰ এনাজৰীডাল যে আজিও কটকটীয়া হৈ আছে সেই কথাকেই পুনৰ প্ৰমাণ কৰিলে৷ হজলৈ যাব ওলোৱা এগৰাকী ইছলামধৰ্মীক ৰাইজে যেনেদৰে সন্মান যাচিলে তাৰ দ্বাৰা প্ৰমাণ হয় এইখন সমাজক সহজেই হিন্দু-মুছলমানৰ নামত ভাগ ভাগ কৰিব পৰা নাযাব৷ ৰাজনীতিৰ নামত বিভেদৰ বীজ সিঁচি জাতি-ধৰ্মৰ নামত ভাগ ভাগ কৰিব খোজাসকলৰ বাবে উচিত শিক্ষাই দিলেই নামতিবাসীয়ে৷
হিন্দু আৰু মুছলমানৰ সম্প্ৰীতিৰ এনাজৰীডাল আজিও কটকটীয়া হৈ আছে অসমত তাকেই প্ৰমাণ কৰি হিন্দু-মুছলমানে একেলগে হজ যাত্ৰীক সম্বর্ধনা তথা শুভেচ্ছা যাচিলে৷