newsnextone.com | কোকৰাঝাৰঃ সদৌ চাওতাল ছাত্র সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত শনিবাৰে আমগুৰীত বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ প্ৰায় ১০০ জন ছাত্ৰ-ছাত্ৰীক সদৌ চাওতাল ছাত্ৰ সন্থাই একোখনকৈ মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনায়। 

কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ আমগুৰীৰ বৃত্তিগত প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে কোকৰাঝাৰ জিলা সদৌ চাওতাল ছাত্ৰ সন্থাৰ সভাপতি এলবিন মুৰ্মুই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰি লক্ষ্য স্থিৰ কৰি কঠোৰ শ্ৰম কৰিলে জীৱনত সফলতা নিশ্চিত বুলি মন্তব্য আগবঢ়ায়৷

আদিবাসী সমাজত এতিয়াও অন্ধবিশ্বাস বৰ্তি আছে বুলি উনুকিয়াই দি জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে একমাত্ৰ শিক্ষাৰ দ্বাৰাহে অন্ধবিশ্বাস, কুসংস্কাৰ দুৰ কৰিব পাৰি বুলি মত প্ৰকাশ কৰে। কৃতী ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে দেশৰ সুনাগৰিক হোৱাৰো আহ্বান জনায় ৰাজেন সিঙে।

বিশেষ অভিনন্দন অনুষ্ঠানত সদৌ চাওতাল ছাত্ৰ সন্থাৰ সভাপতি চাইমন কিস্কু, আমগুৰী ডনবস্ক বিদ্যালয়ৰ ফাডাৰ, কোকৰাঝাৰ জিলা উপ-আৰক্ষী অধীক্ষক প্ৰকাশ মেধী, আদিবাসী জাতীয় মহাসভাৰ সভাপতি বয়েল হেমব্ৰম আদিকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যাক্তিয়ে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীৰ উজ্বল ভৱিষ্যত কামনা কৰে। উল্লেখ্য যে, সদৌ চাওতাল ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত অভিনন্দন অনুষ্ঠানত আমগুৰী ডনবস্ক বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ গীত-মাতে সকলোকে আপ্লুত কৰে।