newsnextone.com | কোকৰাঝাৰঃ সদৌ চাওতাল ছাত্র সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত শনিবাৰে আমগুৰীত বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ প্ৰায় ১০০ জন ছাত্ৰ-ছাত্ৰীক সদৌ চাওতাল ছাত্ৰ সন্থাই একোখনকৈ মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনায়।
কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ আমগুৰীৰ বৃত্তিগত প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে কোকৰাঝাৰ জিলা সদৌ চাওতাল ছাত্ৰ সন্থাৰ সভাপতি এলবিন মুৰ্মুই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰি লক্ষ্য স্থিৰ কৰি কঠোৰ শ্ৰম কৰিলে জীৱনত সফলতা নিশ্চিত বুলি মন্তব্য আগবঢ়ায়৷