newsnextone.com | নগাঁওঃ ৰাজ্যত সংঘটিত বিভিন্ন অপৰাধ জনিত ঘটনাৰ পিছে পিছে দৌৰি ফুৰি সদায় ব্যস্ত থকা এগৰাকী আৰক্ষী বিষয়াৰ অন্তৰত যে শিক্ষকতাৰ মনোভাব নিহীত হৈ থাকে তাক দেখা গল নগাঁও জিলাৰ অন্তৰ্গত টুকটুকীত। দেওবাৰে অনুষ্ঠিত হোৱা অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্রীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা এখন সভাত ব্যতিক্ৰমী ৰূপত দেখা গল নগাঁও জিলাৰ উপ-আৰক্ষী অধীক্ষক সবিতা দাসক।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আৰক্ষী বিষয়াগৰাকীয়ে গতানুগতিক ভাষণৰ পৰিৱৰ্তে উপস্থিত ছাত্ৰ-ছাত্রীক দিলে নীতি শিক্ষা দিয়ে। আনকি আৰক্ষী বিষয়াগৰাকীয়ে মঞ্চৰ পৰা নামি গৈ প্ৰেক্ষাগৃহত বহি থকা ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ লগতে শিক্ষা বিষয়ক প্ৰশ্ন সুধি সকলোকে আপ্লুত কৰে৷ তদুপৰি আৰক্ষী বিষয়াগৰাকীয়ে ম’বাইল, হোৱাটছএপ বা ফেচবুকত ছাত্ৰ-ছাত্ৰীয়ে সময় অপব্যয় নকৰি তাৰ পৰিৱৰ্তে অধ্যয়ণত ব্ৰতী হৈ এক নিৰ্দ্দিষ্ট লক্ষ্যৰ দিশে আগবাঢ়ি যাবলৈ ছাত্ৰ-ছাত্ৰীসকলক উপদেশ দিয়ে৷ 

শিক্ষাবিদ শ্বহিদুল ইছলামৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ সভাত আমন্ত্ৰিত অতিথি হিচাপে জুৰীয়া কলেজৰ অধ্যক্ষ ড০ হাচমত আলি, কটহগুৰি কলেজৰ অধ্যক্ষ ড০ খাইৰুল ইছলাম, প্ৰৱক্তা ফাইজ উদ্দিন, কটহগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মিৰাজ আলি, প্ৰৱক্তা এ কে জোদ্দা, জম্মু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰৱক্তা ড০ এম এ আফজল ফাৰুক, ধিং মহাবিদ্যালয় লাইব্ৰেৰীয়ান ড০ মানিক উজ জামান চৌধুৰী, কটহগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰৱক্তা আশ্ৰৱ ওৱাহিদ, প্ৰৱক্তা আবুল কাছেম, নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকা, অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মোহাম্মদ আলী খলিফা, সম্পাদক আবু বক্কৰ ছিদ্দিক, উপদেষ্টা নাজিৰ হুছেইন সৰকাৰ, জ্যেষ্ঠ অধিবক্তা বদৰুজ চৌধুৰী, অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি এহিয়া হাচান, সৰবৰহী যুৱক দিলদাৰ হুছেইন, আবু হানিফা, শ্বহিদুল ইছলাম, মহিবুল্লাহ, চেলিম, পাপু, ৰফিকুল ইছলামকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ 

সাংবাদিক দিলদাৰ হুছেইন আৰু অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ টুকটুকী-কটহগুৰি আঞ্চলিকৰ সম্পাদক মতিবুৰ ৰহমানে আঁত ধৰা সভাখনত বৃহত্তৰ অঞ্চলটোৰ সদ্য ঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ যোগ্যতা সহকাৰে উত্তীৰ্ণ হোৱা সৰ্বমুঠ ১২০ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, কলম, কিতাপ আৰু মানপত্ৰৰ দ্বাৰা সম্বৰ্ধনা জ্ঞাপন কৰে৷