খেৰণিঃ কাৰ্বি আংলঙৰ বিজেপি নেতা তথা ডিফু সমষ্টিৰ বিধায়ক চুম ৰংহাঙে শুকুৰবাৰে গৃহ জিলাত উপস্থিত হোৱাত কেইবাঠাইত দল-সংগঠন সম্বৰ্ধনা যাচে৷ বিধায়কগৰাকীয়ে মন্ত্ৰিত্ব লাভ কৰাৰ খবৰে কাৰ্বি পাহাৰৰ ৰাইজক আনন্দিত কৰাৰ লগতে পাহাৰীয়া জিলাত আবতৰীয়া দীপাৱলী উদযাপন কৰা পৰিলক্ষিত হয়৷ নৱ নিযুক্ত পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাঙক কাৰ্বি পাহাৰৰ বিভিন্ন স্থানত উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয়। চুম ৰংহাঙে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীত্ব লাভ কৰি গৃহ জিলালৈ দৌৰ দিয়াৰ সময়ত শুকুৰবাৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত মন্ত্ৰীগৰাকীক উষ্ম আদৰণি যাচে বিজেপিৰ পশ্চিম কাৰ্বি আংলং জিলা সমিতিয়ে। 

বিজেপিৰ পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি অৰুণ টেৰাং, উপ-সভাপতি ৰেনছিং ৰংহাং, কাৰ্যবাহী সদস্য ৰূপছিং টেৰণ, পৰিষদীয় সদস্য পবিত্ৰ ৰংপি, ৰামছিং তিমুং, প্ৰভাত টাৰ’, ৰিণা টেৰাংপি, পৱন কুমাৰৰ লগতে বিজেপিৰ বিভিন্ন পৰ্যায়ৰ বিষয়-ববীয়া আৰু বিজেপিৰ কৰ্মকৰ্তাক দেখিবলৈ পোৱা যায়৷ যদিও সম্বৰ্ধনা অনুষ্ঠানত বৈঠলাংছ' সমষ্টিৰ স্থানীয় বিধায়ক ডঃ মানছিং ৰংপিক দেখা পোৱা নগল। বিধায়ক ডঃ ৰংপিৰ গৃহ সমষ্টিত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত স্থানীয় বিধায়কগৰাকী উপস্থিত নথকাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৰাজনৈতিক মহলত।

এজন বিধায়ক মন্ত্ৰী হলে সমীপৰ সমষ্টিৰ বিধায়কে মনৰ বেজাৰ পোৱাটো স্বাভাৱীক মনৰ বেজাৰতে সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত নাথাকিল বুলি কয় একাংশ লোকে৷ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা ৰাইজক উদ্দেশ্যি মন্ত্ৰী ৰংহাঙে কয় যে কাৰ্বি আংলং অথবা ডিমা হাছাও হওঁক, পাৰ্বত্য জিলাৰ প্ৰতি মুখ্যমন্ত্ৰী সোণোৱালৰ দায়বদ্ধতা, মৰম-স্নেহ, গুৰুত্ব আছে, যাৰ বাবে মোক অসম চৰকাৰৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰি দায়িত্ব অৰ্পণ কৰিছে। 

আমি সকলোৱে অৰ্থাৎ দল আৰু চৰকাৰে মাজত বুজাবুজিৰে আমাৰ কৰণীয় কাম-কাজ কৰি যাব লাগিব বুলি কৈ ৰংহাঙে তিনি পাৰ্বত্য জিলা সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত আৰু ৰাইজৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে। 

পাৰ্বত্য ৰাইজে দাবী উত্থাপন কৰি অহা স্বায়ত্ব শাসিত ৰাজ্য সন্দৰ্ভত আপোনাৰ ভূমিকা কি হ’ব বুলি সাংবাদিকে সোধা প্ৰশ্ন উত্তৰত তেওঁ কয় যে এই সম্পৰ্কত এতিয়া একো মন্তব্য নিদিওঁ। পাৰ্বত্য জিলা কেইখনত দেখা দিয়া বিভিন্ন সমস্যাৰ ভিতৰত প্ৰথম কি কি সমস্যা সমাধানৰ বাবে পদক্ষেপ লব বুলি সোধা প্ৰশ্ন উত্তৰত কয় যে প্ৰথমতে যাতায়তৰ সু-ব্যৱস্থা গ্ৰহণ কৰাই মোৰ প্ৰথম আৰু মূল পদক্ষেপ হ’ব বুলি মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।