গোৰেশ্বৰঃ লোক কৃষ্টি, সংস্কৃতি, পৰম্পৰা জীয়াই ৰখাৰ বাবে কাম কৰি অহা লোকক একত্ৰিত কৰি ৰাইজক চিনাকি কৰি দিয়াৰ লগতে ৰাজহুৱা সন্মান যাচে এবছুৱে৷ সময়ৰ সোতত অসমৰ বুকুৰ পৰা হেৰাই যাব ধৰা লোক কৃষ্টি, পৰম্পৰা, গীত-মাত, নৃত্য সমূহ ধৰি ৰাখিবৰ বাবে কাম কৰা শিল্পীসকলক শুকুৰবাৰে গোৰেশ্বৰত ৰাজহুৱা সম্বৰ্ধনা যাচে জনগোষ্ঠীয় সংগঠন এবছুৱে৷
বাক্সা জিলাৰ গোৰেশ্বৰৰ বেঙেনাহাটী প্ৰেক্ষাগৃহত এবছুৰ পঞ্চাশ বছৰ পূৰ্তি উপলক্ষে সোণালী জয়ন্তীৰ বিভিন্ন কৰ্যসূচীৰ সৈতে সংগতি ৰাখি শিল্পীসকলক সম্বৰ্ধনা যাচে৷ এবছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীয়ে আঁতধৰা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত বড়ো সংস্কৃতিত বিশেষ অৰিহণা যোগাই অহা এশ গৰাকী জ্যেষ্ঠ শিল্পীক সম্বৰ্ধনা জ্ঞাপন কৰে৷