ঢেকীয়াজুলিঃ সুধাকণ্ঠ ভূপেন দাই গাইছিল “এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ’ল শান্তিৰ প্ৰাংগন” সেই গৰাকী মহান শিল্পীৰ কথাকে সৰোগত কৰি এখন শান্তিপূৰ্ণ আৰু প্ৰগতিশীল সমাজ গঢ়িবলৈ আমি খেলকেই মূল শক্তি হিচাপে লৈ আগুৱাব লাগিব৷ খেলে মানুহক একোটা সুস্থ শৰীৰ আৰু মন দিয়ে৷ সেয়ে চৰকাৰে ক্ৰীড়াৰ প্ৰসাৰৰ বাবে কাম কৰি যাম৷
এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ শুকুৰবাৰে অসমৰ বক্সিঙৰ ৰাণী স্বৰ্ণ বিজয়ী অংকুশিতাক সম্বৰ্ধনা জনাবলৈ ঢেকীয়াজুলিৰ উলুবাৰী পথাৰত অনুষ্ঠিত কৰা এখন সভা অংশ গ্ৰহণ কৰি এই মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী গৰাকীয়ে৷ বিশ্ব যুৱ মহিলা বক্সিং চেম্পিয়নচিপত ৰাছিয়াৰ বক্সাৰক হৰুৱাই অসম জীয়ৰী অংকুশিতা বড়োৱে সোণৰ পদক আজুৰি অানি অসমৰ লগতে সমগ্ৰ ভাৰতলৈ যি গৌৰৱ কঢ়িয়াই আনিলে বুলিও কয় সোণোৱালে৷