ডিফুঃ ৰাজ্যৰ একাংশ মন্ত্ৰী-বিধায়কে কেৱল চমক সৃষ্টিৰ বাবে কাম কৰি অহা পৰিলক্ষিত হয়৷ চাইকেল চলাই বিধান সভালৈ অহা, ৰঙা লাইট ব্যৱহাৰ নকৰা, স্বচ্ছ ভাৰতৰ বাবে কেমেৰাৰ সন্মুখত ঝাড়ু মৰা, ট্ৰেপিক ছিগনেলত সাধাৰণ মানুহৰ সৈতে ৰৈ দিয়া আদি নানান চমক সৃষ্টি কৰাই নহয় কেমেৰাৰ সন্মুখত শিক্ষকৰ খতিয়ান লৈ চমক সৃষ্টি কৰি আহিছে৷
কিন্তু তাৰ মাজত বিপৰীত এগৰাকী কাৰ্বি পাহাৰৰ নেত্ৰী৷ গেৰুৱা দল বিজেপিয়ে দখল কৰা কাৰ্বি স্বায়ত্ত পৰিষদৰ এগৰাকী সাধাৰণ সদস্য সম্পূৰ্ণ ব্যতিক্ৰম৷ কাৰ্বি পাহাৰত ব্যাপক চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে এিগাৰকী মহিলা নেত্ৰী৷ নিৰ্বাচনত জয়ী হোৱাৰ পিছত সভা মন্ত্ৰী-বিধায়ক, পৰিষদীয় সদস্যক সভা-সমিতি অনুষ্ঠিত কৰি বহু লোকে গামোচা পিন্ধাই সন্মান যাচে৷