চৰাইদেউঃ চৰাইদৈউ জিলাৰ হজযাত্ৰীক আজি দল-সংগঠনে আগন্তুক হজ যাত্ৰাৰ বাবে শুভেচ্ছা তথা সম্ভাষণ যাচে৷ আজি সোণাৰিৰ চফ্ৰাই দ্বীনি হাফিজীয়া মাদ্ৰাছা প্ৰাংগনত মাদ্ৰাছাৰ পৰিচালনা সমিতিে অনুষ্ঠিত কৰা এখন সভাত সোণাৰি অঞ্চলৰ হজযাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰে।
মাদ্ৰাছাৰ কাৰ্যকৰী সভাপতি বাবুল আলিৰ সভাপতিত্বত অনুষ্ঠিত সভাত আমন্ত্ৰিত অতিথি প্ৰাক্তন শিক্ষক মিৰ ফজলুৰ ৰহমানে হজযাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে জম্মু-কাশ্মীৰৰ অমৰ নাথ মন্দিৰলৈ যোৱা পবিত্র তীৰ্থযাত্ৰীক উগ্ৰপন্থীয়ে আক্ৰমণ কৰা তথা তীৰ্থযাত্ৰীক হত্যা কৰা ঘটনাক তীব্র ভাষাৰে গৰিহণা দিয়ে৷