newsnextone.com | নগাঁওঃ কান্ধুলীমাৰী৷ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ এখনি গাঁও৷ সৌ সিদিনালৈকে একেবাৰে অখ্যাত সৰ্ব দিশতে পিছপৰা এই গাঁওখনৰ নাম এতিয়া সকলোৰে মুখে মুখে৷ সকলোৰে দৃষ্টি এই গাঁওখনৰ প্ৰতি৷ সাধাৰণ জনতাৰ পৰা ভি আই পিলৈকে সৰ্বস্তৰৰ লোকৰ সোত বৈছে এই কান্ধুলীমাৰীলৈ। এইদৰে গাঁওখন হঠাতে বিখ্যাত হৈ পৰাৰ মূল কাৰণ হৈছে এগৰাকী ১৯ বছৰীয়া যুৱতী হিমা দাস। যি গৰাকী যুৱতীয়ে গাঁওখনলৈ অকলেই আনি দিছে এনে পৰিৱৰ্তন৷ 

সম্প্ৰতি সকলোৰে মাজত বেছ চৰ্চিত হৈ পৰিছে হিমা৷ সম্পূৰ্ণ একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু তীব্ৰ সংগ্ৰামৰ বলত নিজকে এগৰাকী সফল এথলেটিক হিচাপে গঢ়ি তুলিবলৈ সমৰ্থ হোৱা হিমা এতিয়া সকলোৰে চিনাকী নাম নয়নৰ মণি৷ ইটোৰ পিছত সিটো সফলতাৰে এথলেটিকছ জগতত জিলিকি উঠা অসমৰ দৌৰৰ ৰাণী হিমাই শেহতীয়াকৈ ফিনলেণ্ডৰ টেম্পাৰেট অনুষ্ঠিত হোৱা অনূৰ্ধ্ব ২০ বিশ্ব আই এ এ এফ চেম্পিয়নশ্বিপত স্বৰ্ণ জয়েৰে নতুন ইতিহাস ৰচনা কৰাৰে পৰা হিমাৰ জন্মভূমি নগাঁও জিলাৰ কান্ধুলীমাৰী হৈ পৰিছে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু৷ 

হিমাই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক আজুৰি অনাৰ খবৰ সৰ্বত্ৰে বিয়পি পৰাৰে পৰা আজি পৰ্যন্ত হিমাৰ বাসগৃহ অগণন শুভাকাংক্ষীৰে ভৰি পৰিছে৷ প্ৰতিদিনে সাধাৰণ জনতা, শুভাকাংক্ষীৰ পৰা ৰাজনৈতিক নেতা-পালিনেতা, বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী উবুৰি খাই পৰিছে স্বৰ্ণজয়ীৰ ঘৰত৷ হিমা নাথাকিলেও ঘৰখনত উপস্থিত হৈ হিমাৰ পিতৃ-মাতৃক যিয়ে যেনেকে পাৰে শুভেচ্ছা আৰু অভিনন্দন জনাইছে৷ অনুৰূপ এনে পৰিবেশ আজিও বিৰাজমান হোৱা দেখা যায় আন্তঃৰাষ্ট্ৰীয় দৌৰবিদ হিমাৰ বাসগৃহ তথা জন্মভূমি কান্ধুলীমাৰীত৷ 

এনে এক পৰিবেশৰ মাজতে বুধবাৰে হিমাৰ বাসগৃহত উপস্থিত হয় আলফা নেতা জিতেন দত্ত আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত৷ অসমীয়া জাতিক হিমাই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে বুলি উল্লেখ কৰি আলফা নেতাগৰাকীয়ে কয় যে এগৰাকী অসমীয়া জীয়ৰী হিচাপে হিমাই বিশ্বৰ বুকুত মূৰ তুলি ঠিয় হ’ব পাৰিছে৷ ইয়াতকৈ আনন্দৰ কথা অসমীয়া ৰাইজ তথা জাতিটোৰ বাবে একো হ’ব নোৱাৰে৷ ই অতি গৌৰবৰ বিষয়৷ হিমাৰ আদৰ্শ গ্ৰহন কৰিবলৈ নৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনাই আলফা নেতাগৰাকীয়ে লগতে কয় যে হিমা নতুন প্ৰজন্মৰ বাবে এতিয়া আদৰ্শস্বৰূপ হৈ পৰিছে৷

আশা কৰিছো ,শুভেচ্ছা জনাইছোঁ তেওঁ সফলতাৰ শিখৰত আৰোহণ কৰক৷ এছিয়ান গেমছ, অলিম্পিকত পদক আজুৰি আনক৷ হিমাৰ বিশ্বজয়ৰ যি আশা সেয়া বাস্তবায়িত হওঁক৷ আলফা নেতাগৰাকীয়ে হিমাৰ এনে ইতিহাস সৃষ্টিকাৰী সফলতাৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে পিতৃ-মাতৃক ফুলাম গামোচাৰে সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰে৷ 

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তও দৌৰৰ ৰাণী হিমাৰ ঘৰত উপস্থিত হৈ পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোকক অভিনন্দন জনায়৷ মহন্তই হিমা এতিয়া নগাঁও নতুবা অসমৰে নহয় সমগ্ৰ ভাৰতৰ গৌৰৱ হৈ পৰা বুলি কয়৷ অসম কন্যা হিমা দাসৰ পিতৃ-মাতৃক প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নগাঁও জিলা অসম গণ পৰিষদ, অসম যুৱ পৰিষদ, অসম মহিলা পৰিষদৰ উপস্থিতত আদৰণি জনায়৷