newsnextone.com | মোৰাঝাৰঃ হোজাই জিলাৰ নজিৰ আজমল বি এড কলেজ প্ৰেক্ষাগৃহত মঙলবাৰে আজমল পৰিয়ালে সদ্য ঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক বিশেষ ভাৱে সম্বৰ্ধনা যাচে৷ স্বেচ্ছাসেৱী অনুষ্ঠান আজমল ফাউণ্ডেছনে অনুষ্ঠিত কৰা অভিনন্দন অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁই, নন্দিনীৰ সম্পাদিকা মাইনী মহন্ত, সাংসদ মৌলানা বদৰুদ্দিন আজমল, চিৰাজুদ্দিন আজমল আদি উপস্থিত থাকে৷

ধুবুৰীৰ সাংসদ তথা আজমল ফাউণ্ডেছনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমলৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাংবাদিক অদীপ কুমাৰ ফুকনে ছাত্ৰ-ছাত্ৰীসকলক শিপাৰ পৰা বিচ্ছিন্ন নহবলৈ আহ্বান জনায়৷ ছাত্ৰ-ছাত্ৰীসকলক অসম, অসমীয়া আৰু অসমীয়া জাতি গঠন সম্পৰ্কত সচেতন হ’বলৈ আহ্বান জনোৱাৰ লগতে অসমক ভালপাবলৈ শিকিবলৈ উপদেশ দিয়ে৷ এতিয়া ধৰ্ম নহয়, জাতি ৰক্ষাৰ যুঁজখনহে আগবঢ়াই নিবলৈ আহ্বান জনায় ফুকনে৷ 

সভাত উপস্থিত থাকি নন্দিনীৰ সম্পাদিকা মাইনী মহন্তই ছাত্ৰ-ছাত্ৰীসকলে তথ্য প্ৰযুক্তিৰ উচিত ব্যৱহাৰ কৰা শিকিব লাগে বুলি কৈ তথ্য প্ৰযুক্তিৰ দাস হ’ব নালাগ বুলি কয়৷ আজিৰ দিনত বহু ছাত্ৰ-ছাত্ৰী তথা আজিৰ প্ৰজন্মই তথ্য-প্ৰযুক্তিৰ অপব্যৱহাৰ কৰি নিজৰ মূল্যবান সময়ৰ অপচয় কৰি জীৱন ধ্বংস কৰিছে৷ সকলো ধনী লোকে দৰিদ্ৰ লোকক সহায় কৰিব নোৱাৰে বুলিও কয় নন্দিনীৰ সম্পাদিকা মাইনী মহন্তই৷ 

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁইয়ে নিজৰ ভাষণত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত বহু ৰোগ থকা বুলি কয়৷ সেই ৰোগ নিৰাময়ৰ ব্যৱস্থা লোৱা বুলিও সভাত সদৰি কৰে৷ সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তিনিওটা শাখাত স্থান লাভ কৰা কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনাৰ লগতে নগদ পুৰস্কাৰ আগবঢ়োৱাৰ উদ্দেশ্যে হোজাইৰ স্বেচ্ছাসেৱী অনুষ্ঠান আজমল ফাউণ্ডেচনে নজিৰ আজমল বি এড কলেজত আয়োজন কৰে অনুষ্ঠানৰ৷ মেধাৱী ছাত্ৰ-ছাত্ৰীসকল উৎসাহিত কৰাৰ বাবে আজমল ফাউণ্ডেচনৰ দুই ন্যাসৰক্ষী সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু চিৰাজুদ্দিন আজমলে এই কাৰ্যসূচী হাতত লোৱা বুলি সংস্থাৰ মহা প্ৰৱন্ধক খছৰুল ইছলামে জানিবলৈ দিয়ে৷

আজমল ফাউণ্ডেচনৰ গ্ৰুপ অৱ কলেজৰ একাডেমিক ডাইৰেক্টৰ অৱসৰপ্ৰাপ্ত কৰ্ণেল সমীৰ কাঞ্জীলালে আদৰণি ভাষণ পাঠ কৰি অনুষ্ঠানত আজমল ফাউণ্ডেছনৰ মহাপ্ৰৱন্ধক খছৰুল ইছলামে আজমল সামাজিক ন্যাসে (চিএছআৰ) শৈক্ষিক দিশত আগবঢ়োৱা অৱদান সন্দৰ্ভত খতিয়ান দাঙি ধৰে৷ এইবেলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰা হোজাইৰ আজমল কলেজৰ ছাত্ৰ অমৰ সিং থাপাক এক লাখ টকা প্ৰদান কৰাৰ লগতে কলা আৰু বাণিজ্য শাখাৰ শীৰ্ষ দুজন স্থানপ্ৰাপ্তক ৫০ হাজাৰকৈ টকা, হোজাইৰ সন্তান বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰত দহ নম্বৰ স্থান লাভ কৰা অক্ষত চাওচেৰিয়াক দহ হাজাৰ টকা প্ৰদান কৰা বুলি কয়৷ 

উচ্চ মাধ্যমিকত মুঠ স্থানপ্ৰাপ্ত ৩৭ জনৰ প্ৰথম স্থানপ্ৰাপ্তক ২৫ হাজাৰ আৰু বাকীসকলক ১০ হাজাৰকৈ, হাইমাদ্ৰাছাত প্ৰথম স্থানপ্ৰাপ্তক ২৫ হাজাৰ আৰু বাকী দুজনক দহ হাজাৰকৈ, আজমল গ্ৰুপ অৱ কলেজৰ পৰা ডিষ্টিংচনপ্ৰাপ্ত ৩৭ গৰাকী বিদ্যাৰ্থীৰ প্ৰতিজনক ৭৫০০ টকাকৈ, মৰ্কজ একাডেমী, হোজাইৰ পৰা এইবাৰ মেট্টিকত ডিষ্টিংচনপ্ৰাপ্ত ১৬ গৰাকীৰ প্ৰতিগৰাকীক ৭৫০০ টকাকৈ, নাজিৰ আজমল বিএড কলেজৰ পৰা ২০১৭ বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান লাভ কৰা ছাত্ৰী ছালমা বেগমক ৫০ হাজাৰ টকা আৰু দ্বিতীয় স্থান লাভ কৰা আঞ্জুমা খাতুনক ২৫ হাজাৰ টকা আগবঢ়োৱা বুলি কয়৷

অনুষ্ঠানত আজমল কলেজ অৱ আৰ্টচ, কমাৰ্চ এণ্ড চায়েন্সলৈ ৫ লাখ আৰু নাজিৰ আজমল বি এড কলেজলৈ নগধ এক লাখ টকা পুৰস্কাৰ হিচাপে আগবঢ়ায়৷  অনুষ্ঠানত হোজাইৰ উপায়ুক্ত মানভেন্দ্ৰ প্ৰতাপ সিং, আৰক্ষী অধীক্ষক অংকুৰ জৈন, মৰ্কজুল মাৰিফৰ সভাপতি চামচুল হক চৌধুৰী, জ্ঞান সম্ভাৰ আলোচনীৰ সম্পাদক মৌলানা আব্দুল কাদিৰ কাছিমী উপস্থিত থাকে৷