ডিজিটেল ৰিপ’ৰ্টঃ অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, ক্ৰীড়া-যুৱকল্যাণ আৰু সাংস্কৃতিক মন্ত্ৰী তথা ১১২ নং ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেৰ বিশেষ উদ্যোগত আৰু সামাজিক স্বেচ্ছাসেৱী সংগঠন “ৰাইজ”ৰ সহযোগত গৃহ সমষ্টি ঢকুৱাখনাত আয়োজন কৰা হৈছে বিশেষ অভিনন্দন অনুষ্ঠানৰ।
বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ বৰ্ষ ২০১১ চনৰ পৰা ধাৰাবাহিকভাৱে মন্ত্ৰী তথা বিধায়ক দলেই আয়োজন কৰি অহা অভিনন্দন অনুষ্ঠানটি অহা ২৯ জুলাইত ঢকুৱাখনা কেন্দ্ৰীয় প্ৰেক্ষাগৃহত পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব।