newsnextone.com। খাৰুপেটীয়াঃ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি খাৰুপেটীয়া প্ৰেছ ক্লাৱৰ উদ্যোগত বুধবাৰে খাৰুপেটীয়া অঞ্চলৰ তিনিজনকৈ শিক্ষক আৰু এজন সাংবাদিকক বাসগৃহ আৰু বিদ্যালয়ত গৈ সম্বৰ্দ্ধনা জনোৱা হয়।

অঞ্চলটোৰ খাৰুপেটীয়া আৰ্দশ হিন্দী প্ৰাথমিক বিদ্যালয়ৰ কৰ্মৰত প্ৰধান শিক্ষক তথা কৃতী শিক্ষক পৱন কুমাৰ ঝাক বিদ্যালয়লত শিক্ষক আৰু ছাত্র-ছাত্ৰীসকলৰ উপস্থিতিত সম্বৰ্দ্ধনা জ্ঞাপন কৰে খাৰুপেটীয়া প্ৰেছ ক্লাৱৰ সাংবাদিকৰ দলে।

১ নং থেকেৰাবাৰী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত  প্ৰধান শিক্ষক,সমাজ সেৱক আখেৰ উদ্দিন আহমেদ,খাৰুপেটীয়া নগৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ফিৰোজা চুলতানা বেগমক সম্বৰ্দ্ধনা জনায়। 

ইয়াৰ পিছতে সাংবাদিকৰ দলটোৱে খাৰুপেটীয়া প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি ও জ্যেষ্ঠ সাংবাদিক দুৰাৰোগ্য ব্যাধিত আক্রান্ত মঙল সিং ঝাঝৰীৰ বাসগৃহত উপস্থিত হৈ প্ৰেছ ক্লাৱৰ সাংবাদিক সকলে চাৰিওগৰাকী সন্মানীয় ব্যক্তিক ফুলাম গামোচা, শৰাই,মান-পত্ৰ আদিৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

সম্বৰ্দ্ধনা জ্ঞাপনৰ পিছত বয়োজ্যেষ্ঠ ব্যক্তি সকলে আত্মসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে মনৰ কথা ব্যক্ত কৰি আবেগিক হৈ পৰে।