newsnextone.com | ৰঙিয়াঃ একাংশ দালালে নিয়ন্ত্ৰণ কৰে শিক্ষা ব্যৱস্থাক৷ পৰিস্থিতি এতিয়া এনে পৰ্যায় পাইছে গৈ যে আপোনাৰ ল’ৰা-ছোৱালী কোনখন শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰিব সেয়া নিৰ্ধাৰণ কৰিব দালালে৷ মেধাৱী শিক্ষাৰ্থীজনে পৰীক্ষাত ভাল নম্বৰ লৈ উত্তীৰ্ণ হোৱাৰ পিছতে শিক্ষাৰ্থীজনে কোনখন শিক্ষানুষ্ঠানত পঢ়িব সেয়া নিৰ্ধাৰণ কৰি দিয়াৰ দায়িত্ব লৈ ছাত্ৰৰ ঘৰত হাজিৰ হয়গৈ একাধিক মধ্যভোগী দালাল৷ 

অতি পৰিতাপৰ বিষয় যে একাংশ অনভিজ্ঞ শিক্ষকেৰে ব্যক্তিগত পৰ্যায়ত একোখন জুনিয়ৰ কলেজ পাতি এচাম লোকে শিক্ষাৰ বেহা পাতিছে, যাৰ চিকাৰ হৈছে বহু মেধাৱী ছাত্ৰ-ছাত্ৰী৷ এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ৷ ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ঐতিহ্যমণ্ডিত হৰদত্ত বীৰদত্ত ভৱনত মঙলবাৰে অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আছুৰ সভাপতি গৰাকীয়ে এই মন্তব্য প্ৰকাশ কৰে৷

নাথে শিক্ষা খণ্ডত চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰি আৰু কয় ‘‘শিক্ষাই সামাজিক লক্ষ্য আৰু উদ্দেশ্য পূৰণ কৰিব লাগিব৷ শিক্ষাই সামাজিক প্ৰমূল্যবোধ, আত্মসন্মানবোধ, জীৱনৰ মৌলিক বিষয়সমূহৰ সম্পৰ্কে স্পষ্ট জ্ঞান আৰু সৰ্বোপৰি দেশপ্ৰেম জগাই তুলিব পাৰিব লাগিব৷ কিন্তু আজি আমাৰ অসমৰ শিক্ষা ব্যৱস্থাত এনে কিছুমান উদ্ভট কৰ্ম কাণ্ড সংঘটিত হ’বলৈ ধৰিছে যে জাতিটোৰ অস্তিত্ব প্ৰতি শংকাভাৱ সৃষ্টি হৈছে৷ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ভিতৰচৰাত সোমাই থকা একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বাবে আজি শিক্ষাৰ্থীসকলে পৰীক্ষাৰ সময়ত গভীৰ উৎকণ্ঠাত দিন কটাবলগীয়া হয়৷’’

নাথে আৰু কয় যে প্ৰশ্নকাকত ফাদিলৰ ঘটনা এতিয়া ৰাজ্যখনৰ এক নিত্য নৈমিত্তিক ঘটনা৷ যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে শংকামুক্ত হৈ পৰীক্ষা গৃহত বহাৰ পৰিৱেশ সম্প্ৰতি অসমত নোহোৱা হৈ পৰিল৷ এইবেলি উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ পৰীক্ষাত গোৱালপাৰাৰ এখন ব্যক্তিগত জুনিয়ৰ কলেজৰ মডেল প্ৰশ্নকাকতৰ সৈতে সংসদে ছপা কৰা আটাইকেইটা বিষয়ৰ প্ৰশ্নকাকত মিলি গ’ল অথচ ইয়াৰ কোনো উচ্চ পৰ্যায়ৰ তদন্ত আজি পৰ্যন্ত নহ’ল৷ চৰকাৰে জুনিয়ৰ কলেজখনৰ স্বীকৃতি বাতিল কৰিয়েই ক্ষান্ত থাকিল৷ সংসদৰ অধ্যক্ষগৰাকীয়ে সমগ্ৰ বিষয়টো চি আই ডিৰ দ্বাৰা তদন্ত কৰোৱাৰ ৰাজহুৱা প্ৰতিশ্ৰুতি দিছিল যদিও আজিকোপতি কোনো তদন্ত নহ’ল৷

আছুৰ সভাপতিগৰাকীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি চৰকাৰে সম্প্ৰতি ৰাজ্যখনৰ শিক্ষাৰ পাঠ্যক্ৰমত হিন্দুত্বৰ দৰ্শন সোমোৱাই দিবলৈ ষড়যন্ত্ৰ ৰচিছে বুলি কৈ আছুৱে চৰকাৰৰ এই ষড়যন্ত্ৰ সফল হ’বলৈ নিদিয়ে বুলি কয়৷ শিক্ষা হ’ব লাগিব ৰাজনীতিমুক্ত আৰু ধৰ্মনিৰপেক্ষ৷ 

ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জিতু ডেকাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত এইবেলি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৰঙিয়া অঞ্চলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ২১ খন শিক্ষানুষ্ঠানৰ ১৩০গৰাকী শিক্ষাৰ্থীক ফুলাম গামোচা, মানপত্ৰ আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়৷

অভিনন্দন অনুষ্ঠানত আছুৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ দাসে ভাষণ প্ৰদান কৰি ৰাজ্যখনৰ শিক্ষামন্ত্ৰীগৰাকীয়ে সম্প্ৰতি ভাৰতবৰ্ষৰ ছাত্ৰ ৰাজনীতিৰ ইতিহাস পাহৰি ৰাজ্যখনত ছাত্ৰ-ছাত্ৰীক ৰাজপথত আন্দোলন কৰাৰ পৰা বাৰন কৰিব বিচাৰিছে৷ ছাত্ৰ-ছাত্ৰীৰ মৌলিক অধিকাৰৰ ওপৰত চৰম আঘাট৷ 

এই ব্যৱস্থাক স্বৈৰাচাৰ নামান্তৰ বুলি অভিহিত কৰি প্ৰকাশ দাসে শিক্ষামন্ত্ৰীগৰাকীক ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাস অধ্যয়ন কৰিবলৈ আহ্বান জনায়৷ দাসে কয় যে শিক্ষামন্ত্ৰী এগৰাকীৰ শিক্ষাৰ্থী আৰু শিক্ষক দুয়োটাৰে প্ৰতি সন্মানৰ ভাৱ থাকিব লাগে৷ শিক্ষামন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ শিক্ষাৰ্থী সমাজ আৰু শিক্ষকসকলক তাচ্ছিল্য সূচকভাৱে যিবোৰ কথা কৈ আছে ইয়াৰ জবাব তেওঁ দিব লাগিব৷ 

সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত দাসে অভিনন্দন অনুষ্ঠান উদ্বোধন কৰি কয় যে আছুৱে সময়ে সময়ে জাতিটোৰ স্বাৰ্থত ছাত্ৰ-ছাত্ৰীক ৰাজপথলৈ উলিয়াই আনিবলগীয়া হৈছে। কিন্ত আমাৰ সন্মুখত ইয়াৰ বিকল্প নাই৷ এই পৰিস্থিতিৰ বাবে দেশৰ শাসকবৰ্গই দায়ী৷ অসমীয়াই আন্দোলন নকৰিলে একো নাপায়৷ অসমত ছাত্ৰ-ছাত্ৰীসকল মনে মনে বহি থাকিলে জাতিটোৰ শেষ অৱশিষ্ট কনো বিদেশী আৰু বহিৰাগতই কাঢ়ি লৈ যাব৷

অনুষ্ঠান কেন্দ্ৰীয় নেতা ধৰ্মেশ্বৰ দাস উপস্থিত থাকি কয় যে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষিত হৈ সমাজত কি দিব পাৰিছে তাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। আমি শিক্ষা দীক্ষা লৈ কিমান কু-সংস্কাৰমুক্ত হৈছো সেয়াই নিৰ্ধাৰণ কৰিব আমাৰ শিক্ষাৰ মান৷ দৰিদ্ৰতা শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে বুলি মন্তব্য কৰি দাসে কয় যে এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অধিক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে আৰ্থিকভাবে দুৰ্বল পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলে৷ আছুৱে ৰাজ্যখনত মানৱ সম্পদ গঢ়াৰ বাবে চেষ্টা কৰি আহিছে। এই যাত্ৰা অব্যাহত থাকি৷ 

অনুষ্ঠানত ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দক্ষেশ্বৰ ডেকা উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক চৰিত্ৰ গঠন আৰু সময়ৰ সৎ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়া৷ তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ সাধনা থাকিব লাগিব। ব্যক্তিত্ব গঢ় লয় জ্ঞান আৰু কৰ্মৰ দ্বাৰা। ছাত্ৰ-ছাত্ৰীসকলে দেশ আৰু সমাজৰ সেৱাত ব্ৰতী হ’ব লাগিব৷ অনুষ্ঠানত কৃতী শিক্ষক প্ৰয়াত জয়দেৱ শৰ্মাৰ সোঁৱৰণত তেওঁৰ পৰিয়ালে প্ৰতি বছৰে আগবঢ়াই অহা অহা বঁটা প্ৰদান কৰে৷ এইবেলি এই বঁটা প্ৰদান কৰে ৰঙিয়া শংকৰদেৱ শিশু নিকেতনৰ মেধাৱী ছাত্ৰী ভাৱনা শৰ্মাক৷

ৰঙিয়া আঞ্চলিক ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক নিউটন কলিতা আৰু শিক্ষা সম্পাদকদ্বয় মৃন্ময় কুমাৰ ডেকা আৰু শ্যমন্ত কলিতাই পৰিচালনা কৰা অভিনন্দন অনুষ্ঠানত ৰঙিয়া মহাবিদ্যালয়ৰ বিশিষ্ট মুক্তিযোদ্ধা কৃষ্ণ লহকৰ, বিশিষ্ট শিল্পী নৰেন্দ্ৰ শৰ্মা, শিক্ষাবিদ পবিন কলিতা, সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক ৰমনী ৰাজবংশী, ৰঙিয়াৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈ, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ধীৰাজ ৰাজবংশী, সভাপতি দিবাকৰ কলিতা, সাধাৰণ সম্পাদক হেমন্ত দাস উপস্থিত থাকে৷