বিহালীঃ ঘাটোৱাৰ সমাজে সম্বৰ্ধনা জনালে কৃতী ছাত্ৰ-ছাত্ৰীক৷ সদৌ অসম ঘাটোৱাৰ সমাজৰ শোনিতপুৰ জিলা সমিতিয়ে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ঘটোৱাৰ সমাজৰ ২০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়৷
সংগঠনটোৰ বিহালী, বাঘমৰা, বিশ্বনাথ, নদুৱাৰ, তেজপুৰ আৰু ঢেকীয়াজুলী আঞ্চলিক সমিতিৰ সহযোগত শোনিতপুৰ জিলা সমিতিয়ে বিহালীৰ আধাখনাত এখন সভা অনুষ্ঠিত কৰি কৃতী ছাত্র-ছাত্রীক সম্বৰ্ধনা জনায়৷ দেওবাৰে বৈশাকু ৰয় ঘাটোৱাৰে পতাকা উত্তোলন কৰাৰ পাছতে শ্বহীদ তৰ্পন কৰে শোনিতপুৰ জিলা ঘাটোৱাৰ সমাজৰ সম্পাদক ৰবীন ঘাটোৱাৰে৷