দলংঘাটঃ পশ্চিম দৰং অঞ্চলৰ একমাত্র উচ্চ শিক্ষানুষ্ঠান দেওমৰনৈ স্নাতক মহাবিদ্যালয় বুধবাৰে নৱাগত সকলক আদৰণি জনোৱাৰ লগতে ন-পুৰণি সতীৰ্থ সন্মিলন মেধাৱী বটাঁ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।
ৰাতিপুৱা মহাবিদ্যালয় পতাকা উত্তোলনেৰে শুভাৰম্ভণি কৰে মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ গীতালি কলিতাই। সদৌ অসম ছাত্র সন্থাৰ পতাকা উত্তোলন কৰে দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়াই, ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰে ছাত্ৰ একতা সভাৰ উপসভাপতি নিখিল শৰ্মাই, শ্বহীদ তৰ্পণ অনুষ্ঠান ৰূপায়ণ কৰে মহাবিদ্যালয়ৰ কাৰ্যালয়ৰ সহায়ক দিগাম্বৰ ডেকাই, বৃক্ষৰোপন কৰে ছাত্ৰ একতা সভাৰ কাৰ্যকৰী সভাপতি শংকৰ কলিতাই, ‘ৰামধেনু’ প্ৰাচীৰ পত্ৰিকা বিশেষ নৱাগত সংখ্যা উন্মোচন কৰে মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক অৱনী চহৰীয়াই আৰু তাৰ পিছতে আৰম্ভ হয় মেধাৱী বটাঁ প্ৰদান অনুষ্ঠান।