নলবাৰীঃ আজি নলবাৰী চহৰতস্থিত অসম একাডেমী নামৰ শিক্ষানুষ্ঠানখনৰ এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত ২০১৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ কৰা শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ৰিপুঞ্জয় শৰ্মাৰ লগতে ৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।
শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ৰমানাথ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত অসম চৰকাৰৰ আয়ুক্ত সচিব ৰমেশ চান্দ জৈন মূখ্য অতিথি হিচাপে উপস্থিত থাকে।ভাষণ প্ৰসংগত শিক্ষা আয়ুক্ত সচিব গৰাকীয়ে কয় যে- আমি যিমানেই উচ্চ শিক্ষা লাভ কৰিছো, সিমানে অভিভাবক, পিতৃ মাতৃৰ সৈতে সম্পৰ্ক কমিছে।