108
তুলসীবাৰীঃ ৰঙিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত একাংশ প্ৰাদেশীকৃত বিদ্যালয়ৰ ফলাফলক প্ৰত্যাহ্বান জনাই সফলতাৰ নিদৰ্শন দাঙি ধৰা অপ্ৰাদেশীকৃত কোঠৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠানটি আজি সফলতাৰে অনুষ্ঠিত হৈ যায়৷
ৰঙিয়াৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে শুভ উদ্বোধন কৰা অনুষ্ঠানখনত ছহিদ সুনন্দ শালৈ এম.ই স্কুলৰ প্ৰধান শিক্ষক কন্দৰ্পেশ্বৰ শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰে৷