আজাৰাঃ পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাই দেওবাৰে সমষ্টিৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়৷ মিৰ্জাস্থিত গড়কাপ্তানি বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় বিধায়কগৰাকীয়ে।
সভাত অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ শিক্ষা, স্বাস্থ্য আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ শিক্ষামন্ত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা গ্ৰহণৰ লগে লগে সমাজ তথা দেশৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়৷ ভৱিষ্যতে সুনাগৰিক হোৱাৰ পৰিকল্পনা থাকিলেহে সমাজ খনৰ প্ৰতি দায়বদ্ধতা থাকিব বুলি কয় হিমন্তই৷